/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/f09d5910-0f5d-468b-8e33-818af91e4625/amit_sah.jpg)
ডিজিটেল ডেস্কঃ হিংসা-অশান্তৰে জৰ্জৰিত মণিপুৰত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বুধবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত উপস্থিত হয়। পোনতে তেওঁ ৰাজধানী ইম্ফলত উপস্থিত হৈয়েই মেইটেই সম্প্ৰদায়ৰ লোকসকলে বাস কৰা এটি শিবিৰ পৰিদৰ্শন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/fd909cba-f0d4-4148-8d88-a9d5678d491c/FxdmsVwWAAAnGOD.jpg)
আৰ্তজনৰ কাষত উপস্থিত হৈ গৃহমন্ত্ৰী শ্বাহে শিবিৰৰ পৰিবেশ তথা ভুক্তভোগীসকলৰ বুজ লয়। মণিপুৰক পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবলৈ তেওঁ সংকল্পবদ্ধ বুলি শিবিৰবাসীৰ আগত মন্তব্য কৰে।
আনহাতে পৰিদৰ্শন কাৰ্য সমাপ্ত কৰি গৃহমন্ত্ৰী শ্বাহে বৃহস্পতিবাৰে এখন সংবাদ মেল সম্বোধন কৰে। সংবাদমেলত তেওঁ উল্লেখ কৰে যে, মণিপুৰৰ শান্তি-সম্প্ৰীতি পুনৰুদ্ধাৰ কৰাৰ বাবে কেন্দ্ৰই ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। যিকোনো প্ৰকাৰে অশান্ত মণিপুৰক শান্ত কৰিবলৈ কেন্দ্ৰ প্ৰতিশ্ৰুতিবদ্ধ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/ae366045-3ff8-4a93-9efd-55d94c3b4452/Fxdms4TXsAU_uPe.jpg)
ইতিমধ্যে গৃহমন্ত্ৰী শ্বাহে মেইটেই আৰু কুকি সম্প্ৰদায়ৰ উচ্চ পৰ্যায়ৰ নেতৃত্ববৰ্গৰ লগত মণিপুৰৰ শান্তি সন্দৰ্ভত গঠনমূলক আলোচনা কৰা হৈছে বুলি সংবাদমেলত উল্লেখ কৰে। উচ্চ ন্যায়ালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত মণিপুৰত সংঘটিত ঘটনাসমূহৰ তদন্তৰ বাবে এখন সমিতি গঠন কৰা হ'ব বুলি গৃহমন্ত্ৰী অমিত শ্বাহে মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/c8abd52c-0f79-446e-8e5b-d0e7a0aefe77/FxdmtVuWcAAj0wP.jpg)
ইয়াৰোপৰি মণিপুৰৰ হিংসাত্মক ঘটনাৰ ফলত নিহতসকলৰ পৰিয়ালক ১০ লাখ টকাৰ ক্ষতিপূৰণ দিয়া হ'ব বুলি গৃহমন্ত্ৰীগৰাকীয়ে সংবাদমেলত উল্লেখ কৰে। উল্লেখ্য যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৪দিনীয়া ভ্ৰমণসূচীৰে মণিপুৰলৈ আহিছে।
Also Read: বৰভগীয়াত অগৌৰা ৰিজ'ৰ্ট মুকলি