/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/3f4aceea-b971-4208-b7c9-b0ddbf71012b/ramakanta_deuri.jpg)
ডিজিটেল সংবাদ,বটদ্ৰৱাঃ নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্তানী পথৰ বৰভগীয়াত মুকলি কৰা হয় এখন ৰিজ'ৰ্ট ৷ বৰভগীয়া গাঁৱৰ মুকলি পথাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা নৈসৰ্গিক পৰিবেশত অগৌৰা ৰিজ'ৰ্ট মুকলি অনুষ্ঠান উপলক্ষে আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/7e454d2b-84cd-466a-b677-229e69e37654/6f0e7508_27ef_4ac4_a292_e8a573a971e7.jpg)
বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডাঃ অজিত গোস্বামীৰ উদ্যোগত মৰিগাঁও টাউনৰ পৰা ৮ কিলমিটাৰ নিলগত গঢ় লৈ উঠিছে অগৌৰা ৰিজৰ্ট খনি ৷ মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ফিটা কাটি ৰিজ'ৰ্টখন আনুষ্ঠানিকভাবে মুকলি কৰে ৷
ৰিজ'ৰ্টখনৰ উদ্বোধনী অনুষ্ঠানত বিধায়ক ৰমাকান্ত দেউৰীয়ে কয় "মোৰ সমষ্টিৰ সকলো ক্ষেত্ৰতে মই উন্নয়ন বিচাৰোঁ। আমাৰ এই পিছপৰা বৰভগীয়াত অঞ্চলটোত এখন উন্নত মানৰ ৰিজ'ৰ্ট বা হোটেলৰ অভাৱ আছিল। আজি জনপ্ৰিয় চিকিৎসক অজিত গোস্বামীয়ে এই অভাৱটো পূৰণ কৰিলে। মই তেখেতৰ সপোন দিঠকত পৰিণত হোৱাটো কামনা কৰিছোঁ" বুলি মন্তব্য কৰে ৷
সাংবাদিক দিব্যজ্যোতি বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত নাগাৰা নামৰ জনপ্ৰিয় শিল্পী কৰিশ্মা নাথৰ নাগাৰা নামৰ অনুষ্ঠান, বিহু নৃত্য আদি অনুষ্ঠান উপভোগ কৰে সহস্ৰাধিক লোকে। অগৌৰা ৰিজৰ্ট মুকলি অনুষ্ঠানটিতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা ৪গৰাকী ছাত্ৰক গামোচা, কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জ্ঞাপন কৰে।
অনুষ্ঠানটিত সমাজকৰ্মী জোনালী গোস্বামী, অংকুৰ কলিতাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
Also Read: গহপুৰৰ এখন বিদ্যালয়ৰ দুৰাৱস্থা