/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/8210bc87-2a35-4150-8fc6-e1a2cef9f934/ap_for_web_copy.jpg)
ডিজিটেল সংবাদ, ইটানগৰঃ অৰুণাচল প্ৰদেশৰ জিৰ'ত অৱস্থিত শ্ৰীশ্ৰী সিদ্ধেশ্বৰ নাথ মন্দিৰত পত্নী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে মহাদেৱক আৰাধনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীৰ লগত পত্নী ৰিণিকি ভৃঞা শৰ্মা, অৰুণাচল প্ৰদেশৰ শিক্ষা মন্ত্ৰী টাবা টেডিৰ, কৃষি মন্ত্ৰী টাগে টাকি আৰু লক্ষীমপুৰৰ বিধায়ক মানৱ ডেকায়েও পূজাত অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/94ee29c5-58c8-4b1c-affe-a608fae7ffd5/6c30b1e3_0528_4f63_abec_4a49bdeee75b.jpg)
উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জিৰ' শিৱলিংগ মন্দিৰৰ নিৰ্মাণৰ বাবেও মন্দিৰ পৰিচালনা সমিতিক ব্যক্তিগতভাবে আৰ্থিক অনুদান আগবঢ়ায়। মহাদেৱৰ আশিস বিচাৰি অৰুণাচলৰ জিৰোত উপস্থিত মুখ্যমন্ত্ৰীগৰাকী। উল্লেখ্য এঘণ্টা ধৰি জিৰ'ৰ শিৱলিংগ মন্দিৰত যজ্ঞত বহে মুখ্যমন্ত্ৰী। দিনৰ ১২ বজাৰ পৰা ১ বজালৈ চলে শিৱ যজ্ঞ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/5c885a68-ec16-4030-86e6-7f77bbf14eed/46122e93_5052_4544_a6ba_848b4cf8f26f.jpg)
মুখ্যমন্ত্ৰীৰ জিৰ' আগমনৰ বাবে জিলা প্ৰশাসনে জিৰ' চহৰ আৰু শিৱলিংগ অভিমুখি পথত আৰক্ষী-অৰ্ধসামৰিক বাহিনী নিয়োগ কৰে। শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি কেন্দ্ৰ জিৰ' হাপলিত থকা নামঘৰত চলি থকা বৰসবাহ অনুষ্ঠানটো অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নামঘৰত ৰাইজৰ আগত আঁঠু লৈ আশীৰ্বাদ লোৱাৰ লগতে নামঘৰ ভাগিলৈও অৰিহণা আগবঢ়ায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/2331628d-3584-4da5-80de-91993a577967/de0d8cb7_8007_4aa5_8046_3a96f318c6d4.jpg)
Also Read: গোলাঘাট জিলা আয়ুক্তৰ নেতৃত্বত নগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্প পৰিদৰ্শন