/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/262a8894-9c57-428a-85fa-881385b23a11/ap_for_web_copy.jpg)
ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটৰ জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণ আৰু জিলা প্ৰশাসন তথা অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে শনিবাৰে নগালেণ্ডৰ ওখা জিলাৰ দৈয়াং নদীত থকা দৈয়াং জলবিদ্যুৎ প্ৰকল্পটো পৰিদৰ্শন কৰে। লগতে ৰাজ্যখনৰ ওখাৰ জিলা আয়ুক্ত অজিৎ কুমাৰ ৰঞ্জন, নীপকো কৰ্তৃপক্ষ আৰু নগালেণ্ড ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সৈতে এক সৌহাৰ্দ্যপূৰ্ণ আলোচনাত মিলিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/0e537e8f-a585-413b-87e5-31b0d5b65214/c0a2149b_f8e7_4b57_83ff_385f804fad0d.jpg)
এই পৰিদৰ্শনকালত ওখাৰ জিলা আয়ুক্ত আৰু নীপকোৰ উপ-মহাপ্ৰৱন্ধক (ই এম) তথা ভাৰপ্ৰাপ্ত প্ৰকল্প মুৰব্বী এছ পেট্টন, উপ-মহাপ্ৰৱন্ধক (চি) ডালিম বৰ্মন আৰু আন বিষয়ববীয়াসকলে জানিবলৈ দিয়ে যে- জলবিদ্যুৎ প্ৰকল্পটোৰ পানী পৰ্যায়ক্ৰমে আৰু নিয়ন্ত্ৰিতভাৱে এৰি থকা হৈছে যাতে নামনি অংশত ইয়াৰ অধিক প্ৰভাৱ নপৰে। গোলাঘাটৰ জিলা আয়ুক্ত আৰু প্ৰতিনিধি দলটোক নগালেণ্ড প্ৰশাসন আৰু নীপকো কৰ্তৃপক্ষৰ তৰফৰ পৰা আশ্বস্ত কৰা হয় যে গোলাঘাট জিলাবাসীৰ জীৱন আৰু সম্পত্তিৰ যাতে ক্ষয়-ক্ষতি নহয় তাৰ বাবে অতি সতৰ্ক হৈ সমগ্ৰ বিষয়টো নিৰীক্ষণ কৰি থকা হৈছে।
ৰিজাৰ্ভাৰৰ পানীৰ স্তৰ নিৰীক্ষণ আৰু পানী এৰি দিয়া প্ৰক্ৰিয়াটোৰ ওপৰত চোকা নজৰ ৰখাৰ বাবে উচ্চস্তৰীয় কাৰিকৰী বিশেষজ্ঞৰ দল নিয়োগ কৰা হৈছে বুলিও তেওঁলোকে জানিবলৈ দিয়ে। গোলাঘাটৰ জিলা আয়ুক্তগৰাকীয়ে এই পৰিদৰ্শনকালত নীপকো কৰ্তৃপক্ষই আগতীয়াকৈ গোলাঘাট জিলা প্ৰশাসনক অৱগত কৰা আৰু তথ্যসমূহ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে আদান প্ৰদান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে- দৈয়াং নদীৰ পানী নিয়ন্ত্ৰিত অৱস্থাত ৰাখিব পৰাকৈ পানী এৰিলে গোলাঘাট জিলাবাসীয়ে কোনো ভয়াৱহ পৰিস্থিতিৰ মুখামুখি হোৱাৰ পৰা ৰক্ষা পৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/3764ba85-5106-4671-95bc-300c34bd7c64/859d657f_a9f8_4cac_9fa0_f29e5fd810fe.jpg)
তেওঁ এইক্ষেত্ৰত নীপকো কৰ্তৃপক্ষই যোৱা ৩দিনত লোৱা সতৰ্ক ভূমিকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু ভৱিষ্যৎ সময়ত সম্পূৰ্ণ মানৱীয় দৃষ্টিভংগীৰে আগবাঢ়িবলৈ আহ্বান জনায়। জিলা আয়ুক্তকে ধৰি দলটোক পানী এৰি দিয়া সমগ্ৰ প্ৰক্ৰিয়াটো কাৰিকৰী বিশেষজ্ঞই বিতংভাৱে অৱগত কৰায়। তেওঁলোকে জানিবলৈ দিয়ে যে, নগালেণ্ডত বৰষুণৰ পৰিমাণ কমিলে ৰিজাৰ্ভাৰৰ পানীও হ্ৰাস পাব আৰু জলস্তৰ ইএল ৩২১ মিটাৰলৈ নামিলেই ৰেডিয়েল গেটসমূহ বন্ধ কৰি দিয়া হ'ব। আয়ুক্ত দুগৰাকীয়ে সীমান্ত অঞ্চলকে ধৰি উভয় জিলাৰ জনসাধাৰণৰ মাজত সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক ৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এইক্ষেত্ৰত দুয়োখন জিলাৰ জনসাধাৰণৰ মাজত সাংস্কৃতিক বিনিময় আৰু আনুসংগিক কেতবোৰ বিষয় লৈও দুয়ো আলোচনা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/b06ee071-a3b7-4dd9-82a0-a2a710aa2807/2b4aa644_073c_4b14_ada9_4f75dd340fca.jpg)
উল্লেখযোগ্য যে ৰিজাৰ্ভাৰৰ পানী ক্ৰমাৎ বৃদ্ধি পাই থকাৰ পৰিপ্ৰেক্ষিতত নীপকো কৰ্তৃপক্ষই যোৱা ১০ আগষ্টৰ পুৱা ১০.৩০ বজাৰ পৰা ৰিজাৰ্ভাৰটোৰ ৰেডিয়েল গেটসমূহ খুলি পৰ্যায়ক্ৰমে পানী এৰি আছে। শনিবাৰে পুৱা ৬ বজাত ৰিজাৰ্ভাৰটোৰ জলস্তৰ আছিল ইএল ৩২২.৮০ মিটাৰ। ৰিজাৰ্ভাৰটোৰ ৪খন ৰেডিয়েল গেটেৰে পানী এৰি থকা হৈছে যদিও নিয়ন্ত্ৰিতভাৱে এৰাৰ পৰিপ্ৰেক্ষিতত গোলাঘাট জিলাৰ সামগ্ৰিক বান পৰিস্থিতিৰ অধিক অৱনতি ঘটা নাই। নীপকো কৰ্তৃপক্ষ আৰু গোলাঘাট জিলা প্ৰশাসনে নিয়মীয়াকৈ তথ্যৰ আদান-প্ৰদান কৰি আছে। জিলা আয়ুক্তগৰাকীয়ে গোলাঘাট জিলাবাসীক শংকিত নহৈ সতৰ্ক হৈ থাকিবলৈহে আহ্বান জনাইছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/0940f234-fcb1-410c-b0cc-a58d5248664e/9141abdb_b938_42eb_9cda_a7a54260bd61.jpg)
এই পৰিদৰ্শনকালত গোলাঘাটৰ অতিৰিক্ত জিলা আয়ুক্ত দামোদৰ বৰ্মন, ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিনছেংফা বৰুৱা, সীমান্ত দণ্ডাধীশ ভাৰ্গৱ কলিতা আৰু প্ৰিয়মজ্যোতি ফুকন, অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকল্প প্ৰবন্ধক মুক্তাৰাম ডেকা, প্ৰাধিকৰণৰ প্ৰকল্প বিষয়া ডঃ কৃপালজ্যোতি মজুমদাৰ, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া ৰণি ৰাজকুমাৰ, জিলা তথ্য আৰু জনসংযোগ বিষয়া পম্পী দেৱী, জলসম্পদ বিভাগৰ গোলাঘাট সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ৰাজেশ বৰুৱা আৰু কেন্দ্ৰীয় জল আয়োগৰ প্ৰতিনিধি ছবিৰ আহমেদ উপস্থিত আছিল। আনহাতে নগালেণ্ডৰ হৈ ওখা জিলাৰ আৰক্ষী অধীক্ষক অ'তুলা টি ইমচেন, নীপকোৰ উপ-মহাপ্ৰৱন্ধক (ই এম) আৰ চি মুৰী, উপ-মহাপ্ৰৱন্ধক (চি) এন অৰেন্থুং অডিউ, শীৰ্ষ বিষয়া কে জাছামু অভুং আৰু নিতুল দত্ত, নগালেণ্ডৰ জলসম্পদ বিভাগ, নগালেণ্ড ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু ওখা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিষয়ববীয়া উপস্থিত আছিল।
Also Read: মুখ্যমন্ত্ৰী-যোগানমন্ত্ৰীৰ প্ৰতিকৃতি দাহঃ মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল গোলাঘাট