/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/9d548136-ac26-4ee0-ba8d-8fbf6ea93605/DRUGS_15.jpg)
মেঘালয় আৰু মিজোৰামত ৭ কোটি টকাৰ হেৰ'ইন জব্দ...
ডিজিটেল সংবাদ শিলচৰঃ চুবুৰীয়া ৰাজ্য মেঘালয়ত বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰা হৈছে। ইষ্ট জয়ন্তীয়া হিলছ জিলাৰ আৰক্ষীয়ে নঙশ্নিঙত তালাচী অভিযান চলাই জব্দ কৰে প্ৰায় ৫ কোটি ৫০লাখ টকাৰ হেৰ'ইন।
মিজোৰামৰ পৰা অহা দুখন যাত্ৰীবাহী ছুমো বাহনত তালাচী চলাই জব্দ কৰা হয় ৪৮ টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ। বাকচ কেইটাৰ পৰা জব্দ কৰা হয় ৫১৬.৪৩ গ্ৰাম হেৰʼইন।
জব্দকৃত হেৰ'ইনখিনিৰ বজাৰ মূল্য প্ৰায় চাৰে পাঁচ কোটি টকা। ইফালে, নিষিদ্ধ হেৰ'ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে।এই সংক্ৰান্তত খেলৰিয়াট থানাত এটি গোচৰ ৰুজু কৰা হৈছে।
ইফালে, মিজোৰামতো ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই অসম ৰাইফলছে ২০ টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ উদ্ধাৰ কৰে। ম্যানমাৰ সীমান্তৱৰ্তী চাম্পাই জিলাৰ জখাৱথৰত অভিযান চলাই জব্দ কৰে হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ কেইটা। বাকচ কেইটাৰ পৰা মুঠ ২৩৭ গ্ৰাম হেৰʼইন জব্দ কৰা হয়। জব্দ কৰা হেৰ'ইনখিনিৰ বজাৰ মূল্য প্ৰায় ১ কোটি ৬৫ লাখ বুলি সদৰি কৰিছে অসম ৰাইফলছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/9e5eb1ae-e4b4-407b-8080-0437b5fd4e95/7a3b4b21_949a_4bbd_ad8e_27789ab3af46.jpg)
Also Read: ১২ দফীয়া দাবী লৈ অসম বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ সহযোগত ABVP ৰ প্ৰতিবাদ...