১২ দফীয়া দাবী লৈ অসম বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ সহযোগত ABVP ৰ প্ৰতিবাদ...

১২ দফীয়া দাবী লৈ অসম বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ সহযোগত ABVP ৰ প্ৰতিবাদ...
১২ দফীয়া দাবী লৈ অসম বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ সহযোগত ABVP ৰ প্ৰতিবাদ...

ডিজিটেল সংবাদ শিলচৰঃ ১২ দফীয়া দাবীক লৈ শুকুৰবাৰে অসম বিশ্ববিদ্যালয়ৰ গেট বন্ধ কৰি বিশ্ববিদ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদসহ বিশ্ববিদ্যালয়খনৰ অধীনস্থ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে। প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি তেওঁলোকে অসম বিশ্ববিদ্যালয়ত দুৰ্নীতি কোনো কাৰণতে মানি নলয়।

তেওঁলোকৰ মতে দীৰ্ঘদিন ধৰি বিশ্ববিদ্যালয়খনত চলি আহিছে দুৰ্নীতি। এই দুৰ্নীতিৰ বাবেই ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰৰ দিশে গতি কৰিছে। যাৰ বাবে তেওঁলোকে মুঠ ১২ টা দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰিছে।

তেওঁলোকৰ দাবীসমূহৰ ভিতৰত আছে বিশ্ববিদ্যালয়খনে অনুষ্ঠিত কৰা সকলো পৰীক্ষাৰ ফলাফল সময়মতে ঘোষণা কৰা, পাঠদান অতি শীঘ্ৰেই আৰম্ভ কৰা, বিশ্ববিদ্যালয়ত সংঘটিত দুৰ্নীতি বন্ধ কৰা আদি। যদি তেওঁলোকৰ এই দাবীসমূহ মানি নলয় তেন্তে অসম বিশ্ববিদ্যালয়ৰ কণ্ট্ৰোলাৰে তেওঁৰ পদৰ পৰা পদত্যাগ কৰিব লাগিব। অন্যথা এই প্ৰতিবাদ অব্যাহত থাকিব।

১২ দফীয়া দাবী লৈ অসম বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ সহযোগত ABVP ৰ প্ৰতিবাদ...
হাগ্ৰামাৰ উপস্থিতিত BPF ৰ দলীয় যোগদান সভাঃ শাসনলৈ আহিলে ফেৰেঙ্গাক উচ্ছেদৰ ভাবুকি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in