বাবৰ, পাকিস্তানৰ সমৰ্থনত গৌতম গম্ভীৰ সমালোচনা কৰিলে গুজৰাটৰ দৰ্শকক...

বাবৰ, পাকিস্তানৰ সমৰ্থনত গৌতম গম্ভীৰ সমালোচনা কৰিলে গুজৰাটৰ দৰ্শকক...
বাবৰ, পাকিস্তানৰ সমৰ্থনত গৌতম গম্ভীৰ সমালোচনা কৰিলে গুজৰাটৰ দৰ্শকক...

ডিজিটেল ডেস্কঃ পাকিস্তান ক্ৰিকেট দল, দলটোৰ অধিনায়ক বাবৰ আজমৰ বাবে গৌতম গম্ভীৰে সমালোচনা কৰিলে আহমেদাবাদৰ হাজাৰ হাজাৰ দৰ্শকক। প্ৰাক্তন ক্ৰিকেটাৰ হোৱাৰ উপৰিও বিজেপিৰ সাংসদ গৌতম গম্ভীৰে পাকিস্তানৰ সমৰ্থনত এইদৰে হাজাৰ হাজাৰ দৰ্শকক সমালোচনা কৰা বিষয়টো এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে।

প্ৰাক্তনক ক্ৰিকেটাৰ বিশ্বকাপ বিজয়ৰ নায়ক গৌতম গম্ভীৰৰ কথাই সুকীয়া। নিজস্ব কথাৰে সদায়েই চৰ্চাৰ শীৰ্ষত থকা গৌতম গম্ভীৰ বহু সময়ত বিতৰ্কৰ মাজলৈ আহিছে। সমালোচিত হৈছে ক্ৰিকেট অনুৰাগীৰ মাজত।

তাৰ পাছতো কথা ক'বলৈ চিন্তা নকৰে তেওঁ। বিশেষকৈ পাকিস্তানৰ ক্ষেত্ৰত কোনো কাৰণতে মৌন হৈ নাথাকে গম্ভীৰ।বহুতে তেওঁৰ ৰাজনৈতিক স্থিতিৰ বাবেই এনে আচৰণ বুলি ক'ব বিচাৰে।

বহুতৰ মতে আকৌ তেওঁ স্পষ্টবাদী। গম্ভীৰৰ সেই স্পষ্টবাদী স্বভাৱ পুনৰ এবাৰ উন্মোচিত হল শনিবাৰে নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ভাৰত-পাকিস্তানৰ মেচৰ আৰম্ভণিৰ সময়ত।

মেচৰ আৰম্ভণিতে ক্ৰিজলৈ টছ কৰিবলৈ আহিছিল ভাৰত আৰু পাক দলটোৰ অধিনায়ক দুগৰাকী। লগত আছিল ৰবি শাস্ত্ৰি। কিন্তু টছত পৰাজিত হোৱাৰ পাছত ৰবি শাস্ত্ৰিয়ে কৰা প্ৰশ্নৰ উত্তৰ দিবলৈ যোৱাৰ সময়ত বিপদত পৰে বাবৰ আজম।

সমগ্ৰ ষ্টেডিয়ামৰ দৰ্শকে ব্যংগাত্মক ভাৱে হুইচেল দিয়ে। যাৰ বাবে অসন্তুষ্ট হৈ পৰিছে প্ৰাক্তন ক্ৰিকেটাৰ তথা মেচখনৰ অন্যতম ধাৰাভাষ্যকাৰ গৌতম গম্ভীৰ। গম্ভীৰে আহমেদাবাদৰ হাজাৰ হাজাৰ দৰ্শকক এই কাৰ্যৰ বাবে কৰিলে সমালোচনা।

গম্ভীৰে দৰ্শকৰ এই আচৰণক সমালোচনা কৰি কয়, সমৰ্থকৰ আচৰণ দেখি বহু বেয়া লাগিল। আপুনি আপোনাৰ দেশক সমৰ্থন কৰিব পাৰে। কিন্তু আন দেশক অৱমাননা কৰাৰ কোনো কাৰণ নাই। এনে কাৰ্য কৰা একেবাৰে উচিত নাছিল।

ইফালে দৰ্শকৰ এনে আচৰণৰ মাজতেই ৰবি শাস্ত্ৰিৰ প্ৰশ্নৰ উত্তৰ দিলে বাবৰ আজমে। উল্লেখ্য, বিশ্বকাপৰ সূচী প্ৰকাশ পোৱাৰ পাছতে পাকিস্তানে আহমেদাবাদত নেখেলে বুলি আপত্তি দৰ্শাইছিল। অৱশ্যে পাক ব'ৰ্ডৰ অসন্তুষ্টিৰ পাছতো এই মেচখন আহমেদাবাদতেই অনুষ্ঠিত কৰা হ'ল। মেচখনক লৈ নিৰাপত্তা ব্যৱস্থা কৰি তোলা হৈছে অধিক কটকটীয়া।

বাবৰ, পাকিস্তানৰ সমৰ্থনত গৌতম গম্ভীৰ সমালোচনা কৰিলে গুজৰাটৰ দৰ্শকক...
মহাৰণৰ পূৰ্বে ফিল্ডিং শক্তিশালী কৰাৰ লক্ষ্য পাকিস্তানৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in