নিৰ্বাচনী সভাতেই অসুস্থ হৈ মৃত্যুক সাৱটিলে মেঘালয়ৰ প্ৰাক্তন গৃহমন্ত্ৰীয়ে...

নিৰ্বাচনী সভাতেই অসুস্থ হৈ মৃত্যুক সাৱটিলে মেঘালয়ৰ প্ৰাক্তন গৃহমন্ত্ৰীয়ে...
নিৰ্বাচনী সভাতেই অসুস্থ হৈ মৃত্যুক সাৱটিলে মেঘালয়ৰ প্ৰাক্তন গৃহমন্ত্ৰীয়ে...

ডিজিটেল ডেস্কঃ মেঘালয় নিৰ্বাচনৰ পূৰ্বে এগৰাকী প্ৰাৰ্থীৰ মৃত্যু হোৱা ঘটনাই মেঘালয়ৰ ৰাজনীতিত শোকৰ ছাঁ পেলাইছে। ৰাজ্যখনৰ প্ৰাক্তন গৃহমন্ত্ৰী এইছ ডি আৰ লিংডোৰ আজি সন্ধিয়া আকস্মিক মৃত্যু হয়।

প্ৰয়াত এইছ ডি আৰ লিংডো আছিল এইবাৰ পূৱ খাচী হিলছৰ চহিওঙৰ ইউ ডি পিৰ প্ৰাৰ্থী। জানিব পৰা মতে আজি এখন নিৰ্বাচনী প্ৰচাৰ সভা চলাই থকাৰ মাজতে লিংডো বাগৰি পৰে আৰু তাৰ পিছতে তেওঁৰ মৃত্যু হয়।

উল্লেখ্য যে, মেঘালয়ত ড০ মুকুল চাংমাৰ নেতৃত্বত গঠন হোৱা কংগ্ৰেছ চৰকাৰ সময়ত লিংডো আছিল গৃহমন্ত্ৰী। তেওঁ প্ৰথমবাৰৰ বাবে ১৯৮৮ চনত হিল ষ্টেট পিপলছ ডেমক্ৰেটিক পাৰ্টীৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু প্ৰথমবাৰৰ বাবে মেঘালয় বিধানসভাৰ মজিয়ালৈ জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈ আহিছিল।

তেওঁ একেৰাহে দুটা কাৰ্যকালৰ বাবে চহিওঙৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত ১৯৯৮ চনতৰ নিৰ্বাচনত ইউ ডি পিৰ আৰ এ লিংডোৰ হাতত পৰাজিত হয়। অৱশ্যে ১৯৯৯ চনত তেওঁ কংগ্ৰেছৰ টিকটত চহিওঙ-নংস্পুং সমষ্টিৰ পৰা এম ডি চি হিচাপে নিৰ্বাচিত হয়।

পৰৱৰ্তী সময়ত ২০০৩ ৰ বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ টিকটত নিৰ্বাচন খেলি হেৰুওৱা সমষ্টি পুনৰ উদ্ধাৰ কৰে। তেতিয়াৰে পৰা ২০১৮ লৈ তেওঁ এই চহিওঙ সমষ্টিৰ বিধায়ক হৈ আছিল।

২০১৮ ৰ নিৰ্বাচনত তেওঁ মাত্ৰ ৬২২ টা ভোটত এইচ এছ পি ডি পিৰ প্ৰাৰ্থী চামলিন মালংগিয়াঙৰ হাতত পৰাস্ত হৈছিল। এইবাৰ পুনৰ তেওঁ একেটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল যদিও আজি আকস্মিক ভাৱে মৃত্যুক সৱটি লয়।

তেওঁৰ মৃত্যুত সমগ্ৰ মেঘালয়ৰ ৰাজনৈতিক ক্ষেত্ৰখনত শোকৰ ছাঁ পৰিছে।

নিৰ্বাচনী সভাতেই অসুস্থ হৈ মৃত্যুক সাৱটিলে মেঘালয়ৰ প্ৰাক্তন গৃহমন্ত্ৰীয়ে...
চৰ্দাৰ বল্লভভাই পেটেল মজলীয়া বিদ্যালয়ৰ শতবাৰ্ষিকীঃ ৮, ৯ এপ্ৰিলত সামৰণি অনুষ্ঠান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in