চৰ্দাৰ বল্লভভাই পেটেল মজলীয়া বিদ্যালয়ৰ শতবাৰ্ষিকীঃ ৮, ৯ এপ্ৰিলত সামৰণি অনুষ্ঠান...

চৰ্দাৰ বল্লভভাই পেটেল মজলীয়া বিদ্যালয়ৰ শতবাৰ্ষিকীঃ ৮, ৯ এপ্ৰিলত সামৰণি অনুষ্ঠান...
চৰ্দাৰ বল্লভভাই পেটেল মজলীয়া বিদ্যালয়ৰ শতবাৰ্ষিকীঃ ৮, ৯ এপ্ৰিলত সামৰণি অনুষ্ঠান...

ডিজিটেল সংবাদ বেবেজীয়াঃ নগাঁও জিলাৰ ডিমৌ চাৰিআলিৰস্থিত শতবৰ্ষ গৰকা ডিমৌ চাৰিআলি চৰ্দাৰ বল্লভভাই পেটেল মজলীয়া বিদ্যালয়ৰ শতবাৰ্ষিকী সামৰণি অনুষ্ঠান উপলক্ষে আজি বিদ্যালয় প্ৰাঙ্গনত এখনি সাধাৰণ সভা অনুষ্ঠিত হয়। প্ৰাক্তন মীন মন্ত্ৰী তথা উদযাপন সমিতিৰ স্থায়ী সভাপতি উমেশ চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত আগন্তুক ৮ আৰু ৯ এপ্ৰিলত বিদ্যালয়খনৰ শতবাৰ্ষিকী সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

শিল্পী গীতাঞ্জলি দেৱীদাসৰ বৰগীতেৰে শুভাৰম্ভণি কৰা সভাখনিত প্ৰাক্তন অধ্যক্ষ পুনানন্দ ৰাজা, সমাজকৰ্মী মণিৰাম বৰা, ভৱেন্দ্ৰ বাগীছ, শিক্ষাবিদ মহেশ্বৰ গোস্বামী, পূৰ্ণকান্ত নাথ, শিল্পী পেঞ্চনাৰ পৰান চন্দ্ৰ দাস, প্ৰৱক্তা ৰেৱ হাজৰিকা, মঞ্চশিল্পী মান্না ৰাজা, পঙ্কজ ৰাজা, অমৃত প্ৰৱৰ শৰ্মা, সুৰেশ ডেকা, উপেন কোঁৱৰ, প্ৰবীণ ৰাজা, অসীম দাস, পঙ্কজ দাসকে ধৰি অঞ্চলটোৰ দুই শতাধিক ৰাইজ উপস্থিত থাকে।

উল্লেখ্য যে, উদযাপন সমিতিৰ সম্পাদক ললিত চন্দ্ৰ ডেকাই আঁতধৰা সভাখনিত শতবৰ্ষ অতিক্ৰম কৰা বিদ্যালয়খনৰ ইতিহাস সম্বলিত এখনি স্মৃতি গ্ৰন্থ প্ৰকাশৰ দিহা কৰা হৈছে বুলি জানিব পৰা গৈছে। স্মৰণীয় যে উদযাপন সমিতিৰ বিষয়ববীয়াসকলে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, স্থানীয় ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে।

চৰ্দাৰ বল্লভভাই পেটেল মজলীয়া বিদ্যালয়ৰ শতবাৰ্ষিকীঃ ৮, ৯ এপ্ৰিলত সামৰণি অনুষ্ঠান...
সোণকোষ নদীৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in