ক'হিমাৰ মাও বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

বেথেল মেডিকেল চেণ্টাৰৰ তলত থকা পটাৰলেন কলনীলৈ জুই বিয়পি পৰিছে
ক'হিমাৰ মাও বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

ডিজিটেল সংবাদ ,বেকাজানঃ সোমবাৰে সন্ধিয়া ক'হিমাৰ আটাইতকৈ ব্যস্ত বি অ’ চিৰ ছ’খৰিজিৰ মাও মাৰ্কেট কমপ্লেক্সত এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হয়। মহিলা বিক্ৰেতাসকলে বিক্ৰী কৰা বিভিন্ন ধৰণৰ সতেজ স্থানীয় শাক-পাচলি আৰু বিদেশী খাদ্যৰ বাবে আটাইতকৈ বিখ্যাত এই কমপ্লেক্স ।

অগ্নিনিৰ্বাপক বাহিনীৰ ট্ৰাকসমূহে সময়মতে জুই নিৰ্বাপন কৰিব পৰা নাই বুলিও সূত্ৰসমূহে প্ৰকাশ কৰিছে । মাও মাৰ্কেট কমপ্লেক্সৰ পিছফালে অৱস্থিত বেথেল মেডিকেল চেণ্টাৰ লৈ জুই বিয়পি পৰাৰ উৰাবাতৰি প্ৰচাৰ হৈছে যদিও কেন্দ্ৰটো নিৰাপদ আছে।

যদি জুই চিকিৎসালয়লৈ বিয়পি পৰে তেনে ক্ষেত্ৰত সকলো বিকল্প ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে। প্ৰত্যক্ষদৰ্শীৰ মতে, বেথেল মেডিকেল চেণ্টাৰৰ তলত থকা পটাৰলেন কলনীলৈ জুই বিয়পি পৰিছে।

বিয়লি প্ৰায় ৫ বজাৰ পৰা অগ্নিকাণ্ড আৰম্ভ হয়। অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱা বিভাগ, অসম ৰাইফলছ, নাগালেণ্ড আৰক্ষী আৰু নাগালেণ্ড ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (NSDMA) আৰু জনসাধাৰণে জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

ক'হিমাৰ মাও বজাৰত ভয়ংকৰ অগ্নিকাণ্ড
ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰু জাজৰি আৰক্ষীৰ অভিযান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in