/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/fe265738-c3ab-42ba-95c7-1220f7cfa594/death.jpg)
ডিজিটেল সংবাদ, ৱাখা : নাগালেণ্ড বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ ড০ ইমতিৱাপাং আইয়েৰে দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত শনিবাৰে পুৱা মাত্ৰ ৪৯ বছৰ বয়সত ডিমাপুৰত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ পত্নী, চাৰিগৰাকী কন্যা আৰু এজন পুত্ৰক ইহসংসাৰত এৰি থৈ যায়। আজি দিনৰ ১ বজাত দ্য হেৰিটেজ ক'হিমাত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছত তাৰ পিছত মৃতদেহটো তেওঁৰ জন্মস্থান ছুনগ্ৰাটছু গাঁওলৈ লৈ যোৱা হ’ব তাত ৰাজ্যিক মৰ্য্যদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব।
প্ৰয়াত ড০ ইমতিৱাপাং প্ৰাক্তন মুখ্যমন্ত্ৰী টি.আৰ. জেলিয়াং চৰকাৰৰ অধ্যক্ষ আছিল। ২০১৩ চনত প্ৰথমবাৰৰ বাবে ২৩ নং ইম্পুৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকটত ৰাজ্য বিধানসভালৈ নিৰ্বাচিত হোৱাৰ লগতে সংসদীয় সম্পাদক ভূতত্ত্ব আৰু খনন কাৰ্য্যৰ দায়িত্ব পালন কৰিছিল। পিছত তেওঁ এন এল এৰ অধ্যক্ষ হয়। ২০১৮ চনত পুনৰ এন পি এফৰ টিকটত পুনৰ নিৰ্বাচিত হোৱাৰ পিছত আন ২০ গৰাকী বিধায়কৰ সৈতে এন ডি পি পিৰ সৈতে একত্ৰিত হয়।
নাগালেণ্ডৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, এন এল এৰ অধ্যক্ষ শ্বাৰিংগাইন লংকুমাৰ, মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ আৰু বহুতো নেতা আৰু সংগঠনে ড০ ইমতিৱাপাং আইৰৰ মৃত্যুত শোক প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই ড০ ইমতিৱাপাং আয়াৰৰ হঠাৎ মৃত্যুক লৈ দুখ প্ৰকাশ কৰি তেওঁক এজন যুৱ, গতিশীল আৰু আশাব্যঞ্জক জননেতা বুলি অভিহিত কৰে। ৰিঅ’ই কয় যে ড০ ইমতিৱাপাঙৰ সৈতে জড়িত থকাৰ সময়ত তেওঁক এনে এজন ব্যক্তি হিচাপে পাইছিল যিয়ে নিজৰ কামৰ প্ৰতি সদায় আবেগিক আৰু নিজৰ দায়িত্ব সূচাৰুৰূপে পালন কৰিছিল। তেওঁ গভীৰ অধ্যৱসায়ী আৰু কঠোৰ পৰিশ্ৰমী ব্যক্তি আছিল। এক উৎকৃষ্ট শৈক্ষিক অভিলেখৰ সৈতে ৰিঅ’ই কয় যে তেওঁ ভূতত্ত্ব বিষয়ত পি এইচ ডি ডিগ্ৰী লাভ কৰিছিল ।
আৰু পঢ়ক : জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আৱাসিক এলেকাত জহি খহি গৈছে লাখ লাখ টকাৰ সামগ্ৰী