জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আৱাসিক এলেকাত জহি খহি গৈছে লাখ লাখ টকাৰ সামগ্ৰী

কাজিৰঙাত চৰকাৰী ধনৰ অপচয়
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আৱাসিক এলেকাত জহি খহি গৈছে লাখ লাখ টকাৰ সামগ্ৰী

ডিজিটেল সংবাদ, কাজিৰঙা : মূৰৰ পৰা গেলিছে কাৰ্বি আংলঙৰ সকলো বিভাগ। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আৱাসিক এলেকাত জহি খহি গৈছে লাখ লাখ টকাৰ সামগ্ৰী । পানী যোগান আচনিৰ নামত বিভাগীয় বিষয়াৰ লগতে একাংশ ঠিকাদাৰে লুটি পুটি খাইছে উন্নয়নৰ টকা ৷

অথচ কাৰ্বিআংলংৰ ভিতৰুৱা অঞ্চলত নাই খোৱাপানীৰ ব্যৱস্থা। কাজিৰঙাৰ দাতিকাষৰীয়া বাগৰিত থকা বিভাগটোৰ এটা আবাসিক চৌহদত জহি খহি নষ্ট হৈছে পাইপ আৰু অন্যান্য সামগ্ৰী। কেৱল ইমানেই নহয় আবাসিক এলেকাটোত চাৰিজন কৰ্মচাৰী আছে যদিও অভিযোগ অনুসৰি তেওলোকে প্ৰায়েই উপস্থিত নাথাকে।

ফলত আচনি ৰূপায়নৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে।এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ দাবী AJYCP ৰ কাজিৰঙা আঞ্চলিক সমিতিৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in