লক্ষাধিক দেশী-বিদেশী পৰ্যটকৰ আগমনেৰে সামৰণি পৰিল নাগালেণ্ডৰ ২৩ সংখ্যক হৰ্ণবিল মহোৎসৱৰ

লক্ষাধিক দেশী-বিদেশী পৰ্যটকৰ আগমনেৰে সামৰণি পৰিল নাগালেণ্ডৰ ২৩ সংখ্যক হৰ্ণবিল মহোৎসৱৰ

ডিজিটেল সংবাদ, ৱাখা : এক ডিচেম্বৰৰ দহ ডিচেম্বৰলৈ অনুষ্ঠিত নাগালেণ্ডৰ ২৩ সংখ্যক  হৰ্ণবিল মহোৎসৱৰ শনিবাৰে সফল সামৰণি পৰে । এইবাৰৰ ২৩ সংখ্যক হৰ্ণবিল উৎসৱত প্ৰায় এক লাখ ত্ৰিশ হাজাৰ দেশী-বিদেশী আৰু স্থানীয় পৰ্যটকৰ আগমণ ঘটে । হৰ্ণবিল উৎসৱৰ কেউটা দিনত পৰ্যটকে  নগাসকলৰ বিভিন্ন পুৰাতন লোককৃষ্টি তথা এথনিক খাদ্য সম্ভাৰ আৰু বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰে । ইফালে শনিবাৰে কিছামাত হৰ্ণবিল উৎসৱত বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক দলে পৰিবেশন কৰা বৰ্ণিল দৰ্শকক মোহিত কৰে।হৰ্ণবিল উৎসৱৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি  উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ কিষাণ কৌলে কয় যে উচ্চতম ন্যায়ালয়ে নগাসকলৰ প্ৰথাগত আইনক স্বীকৃতি আৰু ৰক্ষা কৰি আহিছে।

বৰ্ণিল হৰ্ণবিল মহোৎসৱৰ সামৰণি  অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে ভাষণ দি ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কিষাণ কৌলে আৰু কয়  যে নগাসকল শান্তিপ্ৰিয় লোক যিয়ে নিজৰ অনন্য সাংস্কৃতিক পৰম্পৰাগত ব্যৱস্থাৰ সৈতে মিলাপ্ৰীতিৰে সহ-অস্তিত্ব লাভ কৰে। 

কৌলে উল্লেখ কৰে যে, তেওঁ সাহসী আৰু বীৰ যোদ্ধা হিচাপে পৰিচিত নগাসকলৰ উষ্ণ আতিথ্যত তেওঁ মুগ্ধ তথা উৎসৱৰ ভূমি নাগালেণ্ডৰ পৰ্যটন শিল্পই আজি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মানচিত্ৰত স্থান লাভ কৰিছে । যিটো ৰাজ্যখনৰ উন্নয়নৰ সূচনা কৰাৰ ক্ষেত্ৰত এক ইতিবাচক পদক্ষেপ।  তেওঁ ভাৰতৰ সংবিধানৰ অধীনত সুৰক্ষিত নগাসকলৰ প্ৰথাগত আইন আৰু পৰম্পৰা অনন্য বুলি উল্লেখ কৰি ন্যায়াধীশ কৌলে কয় যে উচ্চতম ন্যায়ালয়ে নগাসকলৰ প্ৰথাগত আইনক স্বীকৃতি আৰু ৰক্ষা কৰি আহিছে।  তেওঁ কয়, ন্যায়পালিকা গণতন্ত্ৰৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ; যিয়ে বিবাদ নিষ্পত্তিৰ সুযোগ আৰু ব্যৱস্থা প্ৰদান কৰে।  শক্তিশালী ফলপ্ৰসূ আৰু সজীৱ ন্যায়পালিকা সমাজৰ মেৰুদণ্ড বুলিও তেওঁ লগতে কয়।  ন্যায়াধীশ কৌলে কয় যে, সামাজিক আৰু অৰ্থনৈতিক বাধাৰ বাবে যাতে কোনোৱে আদালতৰ কাষ চাপিব পৰা সুযোগ হেৰুৱাব নোৱাৰে তাৰ বাবে ব্যৱধান দূৰ কৰি সকলোৰে বাবে ন্যায়ৰ সুবিধা নিশ্চিত কৰাটো তেওঁৰ কৰ্তব্য।  হৰ্ণবিল উৎসৱত বিখ্যাত আন্তঃৰাষ্ট্ৰীয় চেফ গেৰী মেহিগানে বন জুই জ্বলাই ইউনিটি নৃত্যত যোগদান কৰে।  ইউনিটি ডান্সত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’, ন্যায়াধীশ কৌল, আৰু কেইবাজনো বিশিষ্ট ব্যক্তি, পৰ্যটকেও অংশগ্ৰহণ কৰে।

উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় পৰ্যটন শিল্পৰ মানচিত্ৰত  স্থান লাভ কৰা নাগালেণ্ডৰ হৰ্ণবিল উৎসৱত অংশগ্ৰহণ কৰা  আমেৰিকাৰ ইলিনয় নামৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যটক গৰাকীয়েনিজৰ অনুভৱ ব্যক্ত কৰি  কয় যে হৰ্ণবিল মহোৎসৱ এটা অতি সুন্দৰ, সুসংগঠিত অভিজ্ঞতা আৰু ইয়াৰ মানুহবোৰ সঁচাকৈয়ে বন্ধুত্বপূৰ্ণ। আন এগৰাকী পৰ্যটক , দক্ষিণ আফ্ৰিকাৰ কেপ টাউনৰ ব্ৰুচে কয়, "প্ৰথমবাৰৰ বাবে ৰাজ্যখন ভ্ৰমণৰ সময়ত আগবঢ়োৱা আতিথ্য আৰু খাদ্যৰ সঁচাকৈ প্ৰশংসনীয়।" তেওঁ মন্তব্য কৰে যে হৰ্ণবিল উৎসৱ মোৰ ভ্ৰমণৰ তালিকাত বহুদিনৰ পৰাই আছিল আৰু এইবাৰ নগা পুৰাতন সংস্কৃতি আৰু নৃত্যৰ সাক্ষী হোৱাটো জীৱনত পোৱা অনন্য অভিজ্ঞতা। 

ইফালে কালি নিশা ক'হিমাৰ কেপিটেল কালচাৰেল হলত অনুষ্ঠিত মিছ নাগালেণ্ড সৌন্দৰ্য প্ৰতিযোগিতাত ঝুনহেবুটো জিলাৰ ২৩ বছৰীয়া সুন্দৰী হিকালী আছুমিমে ২০২২ বৰ্ষৰ  মিছ নাগালেণ্ডৰ খিতাপ লাভ কৰে । আনহাতে  ফেক জিলাৰ কেনেই ৰিট্চে  আৰু মোককচুঙৰ জেন্টিৰেন জামিৰে ক্ৰমে প্ৰথম আৰু দ্বিতীয় ৰানাৰ্ছ আপৰ খিতাপ দখল কৰে । বিজয়ী প্ৰতিযোগী হিকালী আছুমিমে নগদ ১ লাখ টকা আৰু উপহাৰৰ টোপোলা লাভ কৰে।  বিজয়ী হিকালী আছুমি  হ’ব মুখ্য নিৰ্বাচনী কাৰ্যালয়ৰ অধীনত SVEEP  নাগালেণ্ডৰ ৰাজ্যিক নিৰ্বাচনী আইকন।

প্ৰথম আৰু দ্বিতীয় ৰানাৰ্ছ আপে  ক্ৰমে ৭০ হাজাৰ আৰু ৫০ হাজাৰ টকাৰ পুৰষ্কাৰ লাভ কৰে । সৌন্দৰ্য প্ৰতিযোগিতাত অন্যান্য উপখিতাপ বিজয়ীসকল হল --  মিছ টেলেণ্ট-কেটৌ ফুচেনুও মিছ ফটোজেনিক – কেনেই ৰিট্চে , মিছ পাৰফেক্ট ১০ – চোই লুজেম, কুইন অৱ হাৰ্টছ – লিনোভি পি কিবা , মিছ বিউটিফুল স্কিন – জেন্টিৰেন জামিৰ  আৰু মিছ সুন্দৰ হাঁহি – হিকালি আচুমি । প্ৰতিযোগিতাখনৰ বিচাৰক হিচাপে উপস্থিত আছিল আইৰিন ডখাৰ , এছানী হাটুমুৰিয়া, ডাঃ আবেনি খুভুং, লুভি মেঝুৰ আৰু থেজা থেৰিয়েহ। ইফালে নাগালেণ্ড বডি বিল্ডিং এণ্ড ফিটনেছ এছ’চিয়েশ্যনৰ উদ্যোগত  অনুষ্ঠিত মিষ্টাৰ নাগালেণ্ড প্ৰতিযোগিতাত ডিমাপুৰৰ  মোৱালং য়াডেনে ২০২২ বৰ্ষৰ  মিষ্টাৰ নাগালেণ্ডৰ মুকুট লাভ কৰে।

উল্লেখ্য যে  অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থকা  মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই সামৰণি ভাষণত হৰ্ণবিল ফেষ্টিভেল সফল কৰি তোলাত সহায় কৰা সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে বিগত ৯ দিনত এই মহোৎসৱৰ ২৩ সংখ্যক সংস্কৰণত অংশ লোৱাৰ বাবে সকলো অতিথি আৰু আমন্ত্ৰিতসকলক ধন্যবাদ জনায়। অষ্ট্ৰেলিয়াৰ চেফ গেৰী মেহিগানে  হৰ্ণবিল বনফাইয়াৰ জ্বলাই দিয়াৰ  লগে লগেই  নগা জনজাতিসকলক প্ৰতিনিধিত্ব কৰি ইউনিটি ডান্স অনুষ্ঠিত হৈ ২০২২বৰ্ষৰ ২৩ সংখ্যক বৰ্ণিল হৰ্ণবিল উৎসৱৰ সফল সামৰণি পৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in