অৰুণাচল প্ৰদেশত পদব্ৰজে পাহাৰ বগাই ভোটকেন্দ্ৰলৈ ৰাওনা নিৰ্বাচনী বিষয়া আৰু নিৰাপত্তাৰক্ষীৰ দল

agrani khabar
agrani khabar

ডিজিটেল সংবাদ, ইটানগৰঃ নিৰ্বাচন বুলি ক’লেই অৰুণাচল প্ৰদেশত এক উৎসৱমুখৰ পৰিবেশ বিৰাজ কৰে। ভোট-কিনা বেচাৰ এখন অঘোষিত বজাৰলৈ পৰিবৰ্তন হয় সমগ্ৰ ৰাজ্যখন। নিৰ্বাচনত প্ৰতিদন্দিতা কৰা প্ৰাৰ্থিৰ গুৰুত্ব অনুসৰি এটা ভোটৰ মুল্য কেতিয়াবা এক লাখৰো অধিক হৈ পৰে। তথাপি ৰাজ্যখনত নিৰ্বাচনী প্ৰক্ৰিয়াত ভাৰতীয় নিৰ্বাচন আয়োগে ভোটগ্ৰহণৰ বাবে বিভিন্ন প্ৰত্যাহ্বান অতিক্ৰম কৰি দক্ষতাৰে কাম কৰি আহিছে।

এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই। ৰাজ্যখনৰ মুঠ ২,২২৬ টা ভোটগ্ৰহণ কেন্দ্ৰৰ ২২৮ টা এনেকুৱা ভোটগ্ৰহণ কেন্দ্ৰ আছে যি কেইটা ভোটগ্ৰহণ কেন্দ্ৰলৈ খোজ কাঢ়ি নিৰ্বাচনী বিষয়া আৰু নিৰাপত্তাৰক্ষীৰ দল দুই-তিনিদিনৰ আগতেই ৰাওনা হ’ব লগা হয়। পদব্ৰজে পাহাৰ বগাই ভোটকেন্দ্ৰলৈ যাব লগা হোৱা এনেকুৱা দুটা ভোটগ্ৰহণ কেন্দ্ৰ হৈছে অৰুণাচলৰ চিয়াং জিলাৰ পায়ুম ৰাজহ চক্ৰৰ গাতে আৰু গাছেং ভোটগ্ৰহণ কেন্দ্ৰ।

অৰুণাচল প্ৰদেশৰ ৬০ জনীয়া বিধানসভাৰ ৫০ টা সমষ্টি আৰু দুটা লোকসভা সমষ্টিৰ বাবে শুকুৰবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ইতিমধ্যেই অৰুণাচল প্ৰদেশত মুখ্যমন্ত্ৰী পেমা খান্দু, উপমুখ্যমন্ত্ৰী চাওনা মেইনকে ধৰি ভাৰতীয় জনতা পাৰ্টীৰ ১০জন প্ৰাৰ্থি বিনা প্ৰতিদন্দিতাৰে বিধানসভালৈ নিৰ্বাচিত হৈছে। বৃহস্পতিবাৰ পৰ্যন্ত নিৰ্বাচন আয়োগে ৰাজ্য খনত ৮ কোটী ৯৪ লাখ টকাৰ নগদ ধন, প্ৰায় ৪ কোটী ৬১ লাখ টকা মুল্যৰ ১ লাখ ৭১ হেজাৰ লিটাৰ সুৰা, ৮২ লাখ টকা মূল্যৰ ড্ৰাগছ আৰু নিৰ্বাচনত ব্যৱহাৰ হ’ব পৰা আন বহু মূল্যবান সামগ্ৰী জব্দ কৰিছে। নিৰ্বাচনৰ সময়ত সতৰ্কতামূলক ব্যৱস্থা হিচাপে ১৯৯ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

এইবাৰ নিৰ্বাচনত অৰুণাচল প্ৰদেশত মুঠ ৮,৯২,৬৯৪ জন ভোটাৰ আছে আৰু ইয়াৰে ৪,৫৪,২৫৬ গৰাকী মহিলা ভোটাৰ। উল্লেখ্য যে অৰুণাচল প্ৰদেশত পুৰুষ ভোটাৰৰ তুলনাত মহিলা ভোটাৰৰ সংখ্যা প্ৰায় ৮৮ হেজাৰ অধিক আছে। কাইলৈ অনুষ্ঠিত হ’ব লগা ভোটগ্ৰহণত ৫০ টা বিধানসভা সমষ্টিৰ বাবে ১৪৩ জন প্ৰাৰ্থি আৰু দুটা লোকসভা সমষ্টিৰ বাবে মুঠ ১৪ জন প্ৰাৰ্থি নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে।

অৰুণাচল প্ৰদেশৰ মুখ্য নিৰ্বাচনী বিষয়া পৱন কুমাৰ চাইনে এক সংবাদমেলত জনোৱা মতে যে ৰাজ্যখনত মুঠ ৩৬ টা নিৰ্বাচনী হিংসাৰ ঘটনা পঞ্জীয়ন হৈছে আৰু এজন লোকৰ মৃত্যু হৈছে। ৰাজ্যখনত নিৰাপত্তা বাহিনীৰ ৮০ টা কোম্পানী নিয়োজিত কৰা হৈছে আৰু মুঠ ১৩,১৭৬ গৰাকী আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱান নিৰ্বাচনী কামত নিয়োগ কৰা হৈছে ।

agrani khabar
মুখ্যমন্ত্ৰীলৈ ফোন কৰাৰ প্ৰমাণ দিব পাৰিলে অখিল গগৈয়ে এৰিব বিধায়ক পদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in