মুখ্যমন্ত্ৰীলৈ ফোন কৰাৰ প্ৰমাণ দিব পাৰিলে অখিল গগৈয়ে এৰিব বিধায়ক পদ

প্ৰমাণ কৰিব নোৱাৰিলে মুখ্যমন্ত্ৰীক পদবী এৰিবলৈ জনালে প্রত্যাহ্বান...
মুখ্যমন্ত্ৰীলৈ ফোন কৰাৰ প্ৰমাণ দিব পাৰিলে অখিল গগৈয়ে এৰিব বিধায়ক পদ

ডিজিটেল সংবাদ,গুৱাহাটী : 'মই মুখ্যমন্ত্রী ডাঙৰীয়াক প্রত্যাহ্বান জনাইছো যে যদি অখিল গগৈয়ে হিমন্ত বিশ্ব শর্মাক ৰাতি ১১-০০ বজাৰ পাছত সদায় ফোন কৰা বুলি প্ৰমাণ কৰিব পাৰে, তেতিয়া হ'লে মই অখিল গগৈয়ে বিধায়কৰ পদ ত্যাগ কৰিম আৰু যদি হিমন্ত বিশ্ব শর্মাই প্রমাণ কৰিব নোৱাৰে তেখেতে মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব লাগিব। মোৰ এইটো প্রত্যাহ্বান। হিমন্ত বিশ্ব শর্মাক মই প্রত্যাহ্বান জনাইছো, মই চেলেঞ্জ কৰিছো।' বৃহস্পতিবাৰে সংবাদমেলযোগে এইদৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই বিধায়ক অখিল গগৈয়ে।

সংবাদমেলত বিধায়কগৰাকীয়ে কয়- শিৱসাগৰ বিধানসভা সমষ্টিৰ ভিতৰুৱা কেইবাটাও পঞ্চায়তত ১২খন মান মিটিং আছিল। মই সেই মিটিংবিলাকত অংশগ্রহণ কৰি আছিলো। ঘুৰি অহাৰ সময়তে মোক সাংবাদিকসকলে ফোনযোগে জনালে যে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই শিৱসাগৰত অনুষ্ঠিত বিজেপিৰ এটা নির্বাচনী ৰেলীত শিৱসাগৰৰ বিধায়কজনৰ সন্দৰ্ভত কিছুমান বিতর্কিত কথা কৈছে।

User

উক্ত ৰেলীৰ সময়চোৱাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কৰা কেতবোৰ মন্তব্যৰ উপৰি অখিল গগৈয়ে সদায় ৰাতি ১১-০০ বজাৰ পাছত হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰাৰ কথা উল্লেখ কৰি বিধায়কগৰাকী ক্ষুব্ধ হৈ পৰে। সেয়ে তেওঁ আজি এক সংবাদমেল আয়োজন কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাক একপ্ৰকাৰ প্ৰত্যাহ্বান জনোৱা পৰিলক্ষিত হয়।

User

সংবাদমেলত বিধায়ক গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক তেঁও কৰা বক্তব্য সন্দৰ্ভত উভতি ধৰে। অখিলে কয়- "প্ৰতি নিশা ১১-০০ বজাৰ পাচত মুখ্যমন্ত্ৰীলৈ ফোন কৰা কলসমূহৰ এতিয়া তথ্য লাগে। মই যে ফোন কৰো সেয়া নিশ্চয় কল ৰেকৰ্ডত থাকিবই মুখ্যমন্ত্ৰীৰ ওচৰত। মই মুখ্যমন্ত্ৰীক সেইকাৰণে প্রত্যাহ্বান জনাইছো যে তেখেতে কৈছে কালি মই ফোন কৰিছিলো, পৰহি মই ফোন কৰিছিলো, তাৰ আগদিনা মই ফোন কৰিছিলো, তাৰ আগদিনাও মই ফোন কৰিছিলো, এই চাৰিদিন একেৰাহে মই তেখেতলৈ ফোন কৰি আছো আৰু সদায় ৰাতি ১১টা বজাৰ পাছত মই ফোন কৰো।

এই ফোনৰ কল ৰেকৰ্ডসমূহ এতিয়া মোক মুখ্যমন্ত্রীয়ে দিব লাগে। অসমৰ মুখ্যমন্ত্ৰীক যে মই সদায়ে ৰাতি ১১টা বজাৰ পাছত ফোন কৰো সেই কথাৰ প্ৰমাণ কৰিব পৰাকৈ তেখেতে তেখেতৰ ফোনকল ৰেকৰ্ডসমূহ মোক ৰাজহুৱাকৈ দিব লাগে। কাৰণ তেওঁ ৰাজহুৱাকৈ এই কথা কৈছে।"

"প্রত্যাহ্বান জনাইছো যে যদি অখিল গগৈয়ে হিমন্তবিশ্ব শর্মাক ৰাতি ১১-০০ বজাৰ পাছত সদায় ফোন কৰা বুলি প্ৰমাণ কৰিব পাৰে, তেতিয়াহ'লে মই অখিল গগৈয়ে বিধায়কৰ পদ ত্যাগ কৰিম আৰু যদি হিমন্তবিশ্ব শর্মাই প্রমাণ কৰিব নোৱাৰে তেখেতে মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব লাগিব। মোৰ এইটো প্রত্যাহ্বান।"

লগতে অখিলে কয়- যদি দম আছে হিমন্তবিশ্ব শৰ্মাৰ,আপুনি মোৰ এই প্রত্যাহ্বান গ্রহণ কৰক। চেলেঞ্জ কৰিছো মই মুখ্যমন্ত্রী মহোদয়ক। আপুনি কয় যে আপুনি বৰ দমদাৰ মানুহ, আপুনি বোলে অসমৰ হিৰো, আপোনাক মই চেলেঞ্জ কৰিছো।

উক্ত সংবাদমেলত ক্ষুব্ধ বিধায়কগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী শৰ্মাই কৈছিল শিৱদৌলৰ সন্মুখত মিছা কথা নকয়, কিন্তু শিৱদৌলৰ সন্মুখতে তেওঁ গোকাট মিছা কথা কৈ গ'ল। কিয় মিছা কথা কৈ গ'ল? তেওঁ ভয় কৰিছে, শিৱসাগৰত গৌৰৱ গগৈ জিকিব। গৌৰৱ গগৈ জিকিব কাৰণে হিমন্তবিশ্ব শৰ্মাৰ মূৰটো গৰম হৈছে।

অৱশ্যে কথা প্ৰসংগত অখিল গগৈয়ে ইয়াকো কয় যে তেঁও ড০ শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছত আৰু গগৈ বিধায়ক হোৱাৰ পাছত তেঁও মুঠ ১০ বা ১২ বাৰমান ফোন কৰিছিল। আনহাতে হিমন্তবিশ্ব শৰ্মায়ো তেওঁলৈ এতিয়ালৈ কিজানি ৬ বা ৭ বাৰমান ফোন কৰাৰ কথা উল্লেখ কৰে।

যোৱা ৩ বছৰত অখিল গগৈয়ে মুখ্যমন্ত্ৰীক স্মাৰক দিয়া প্ৰসংগতো কেতবোৰ মন্তব্য কৰে। অখিল গগৈয়ে কয়- মই অসমৰ মুখ্যমন্ত্ৰীৰ হাতত চাৰিখন মেমৰেণ্ডাম দিছো, কি কি কাম শিৱসাগৰত কৰিব লাগে তাৰ সম্পূৰ্ণ তালিকা তেওঁৰ হাতত দিয়া আছে। শিৱসাগৰত ইঞ্জিনিয়াৰিং কলেজ প্রতিষ্ঠাৰ দাবীটো মোৰে দাবী নাছিল নে মুখ্যমন্ত্রী মহোদয় বুলি প্ৰশ্ন কৰে।

শিৱসাগৰত ল' কলেজ প্রতিষ্ঠা কৰিব লাগে আৰু শিৱসাগৰত থকা ৰাজীৱ গান্ধী ক'পাৰটিভ ইউনিভাৰচিটিখন যিহেতু বিজেপি চৰকাৰেবন্ধ কৰি দিলে সেই কেম্পাছৰ ভিতৰতে এটা এডুকেশন হাব কৰি ইঞ্জিনিয়াৰিং কলেজ, ল' কলেজ এই গোটেইবিলাক কলেজ কৰিব লাগে আৰু ইয়াতে যে নেশ্বনেল ইনষ্টিটিউচন আনিব লাগে এইটোতো ময়ে দাবী কৰি আহিছো বুলি অখিল গগৈয়ে সংবাদমেলযোগে ব্যক্ত কৰে।

মুখ্যমন্ত্ৰীলৈ ফোন কৰাৰ প্ৰমাণ দিব পাৰিলে অখিল গগৈয়ে এৰিব বিধায়ক পদ
অসমৰ তৰুণ ক্ৰিকেটাৰক কুমাৰ চাংগাকাৰে দিব টিপছঃ ৰাজস্থান ৰয়েলছৰ বিশেষ পদক্ষেপ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in