/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/af4f063b-f1cc-4e9e-b415-9c2566db1246/gfhhgfghf.jpg)
ডিজিটেল সংবাদ, শিলচৰ: চুবুৰীয়া ৰাজ্য মিজোৰামত বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰিছে বিএছএফ আৰু নাৰ্কোটিকছ বিভাগে। বিএছএফৰ মিজোৰাম, কাছাৰ ফ্ৰন্টিয়াৰ , মিজোৰামৰ আবকাৰী আৰু নাৰ্কোটিকছ বিভাগে বুধবাৰে যুটীয়া অভিযান চলাই জব্দ কৰিছে ৬ কিলোগ্ৰাম ছেউড’ইফেড্ৰিন (Pseudoephedrine) টেবলেট।
গোপন তথ্যৰ ভিত্তিত আইজলৰ মুৱাল্লুংথু এলেকাত এখন ডাষ্টাৰ বাহনত তালাচী জব্দ কৰা হয় নিচাজাতীয় টেবলেট খিনি।। ড্ৰাগছ সৰবৰাহৰ অভিযোগত বিএছএফে দুগৰাকী মহিলাসহ তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। জব্দ কৰা ড্ৰাগছ খিনিৰ মুল্য কেবা কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে।