ড০ বাণীকান্ত কাকতি মেধা বঁটাঃ স্কুটাৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

বৃহস্পতিবাৰে ৰাজ্যৰ ৩৫ সহস্ৰাধিক শিক্ষাৰ্থীলৈ আগবঢ়োৱা হ'ব ড০ বাণীকান্ত কাকতি মেধা বঁটা।

author-image
Asomiya Pratidin
New Update
 ড০ বাণীকান্ত কাকতি মেধা বঁটাঃ স্কুটাৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে ৰাজ্যৰ ৩৫ সহস্ৰাধিক শিক্ষাৰ্থীলৈ আগবঢ়োৱা হ'ব ড০ বাণীকান্ত কাকতি মেধা বঁটা। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অয়োজিত এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ'ব।

Advertisment

অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্কুটী বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব শিক্ষামন্ত্ৰী ৰনোজ পেগু।

ৰাজ্য চৰকাৰৰ অধীনত এইবাৰ এই বঁটা ৩৫,৭৭০ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ আগবঢ়োৱা হ'ব। এই বঁটাৰ অধীনত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উৎকৃষ্ট ফলাফল লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক স্কুটাৰ প্ৰদান কৰা হ'ব।

উল্লেখ্য যে, প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলক এই বঁটা প্ৰদান কৰা হয়। উচ্চতৰ মাধ্যমিক পৰীক্ষাত যিসকল ছাত্ৰই ৭৫ শতাংশ বা তাতকৈ অধিক নম্বৰ আৰু যিসকল ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে সেই সকলক এই বঁটা প্ৰদান কৰা হয়।

এইবাৰ স্কুটাৰ বিতৰণৰ বাবে ধাৰ্য কৰা মুঠ বাজেটৰ পৰিমাণ ২৫৯৫৪.২৯ লাখ টকা।

Also Read: বিশ্বৰ ২০গৰাকী ধনী ব্যক্তিৰ তালিকাত পুনৰ গৌতম আদানী

ranoj pegu himanta biswa sarma