মিজোৰামত ৪৫ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ

মিজোৰামত ৪৫ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ

author-image
Asomiya Pratidin
New Update
মিজোৰামত ৪৫ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ

ডিজিটেল সংবাদ শিলচৰ: চুবুৰীয়া ৰাজ্য মিজোৰামত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বিশেষ সফলতা লাভ কৰিছে অসম ৰাইফলছ আৰু মিজো আৰক্ষীয়ে। এই যুটীয়া অভিযানত ৪৫ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ কৰাৰ লগতে এজন সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰা হয়।

Advertisment

গোপন তথ্যৰ ভিত্তিত মিজোৰাম-ম্যানমাৰ সীমান্তৰ চম্পাই জিলাৰ জোখোৱাথাৰত অভিযান চলাই অসম ৰাইফল আৰু আৰক্ষীয়ে লালধিং লিয়ান নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। তেওঁৰ পৰা ১৭ কিলোগ্ৰাম ওজনৰ ১.৫ লাখ মেথামফেটামাইন টেবলেট জব্দ কৰা হয়।

জব্দ কৰা টেবলেটৰ মুল্য প্ৰায় ৪৫ কোটি টকা বুলি সদৰি কৰিছে অসম ৰাইফলছে। পাছত টেবলেটসহ চাম্পাই জিলাৰ সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰি চম্পাই আৰক্ষীৰ জিন্মাত গতাই দিয়া হয়।

উল্লেখ্য যে বিগত ৪টা দিনৰ ভিতৰত অসম ৰাইফলছে মুঠ ১০২ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰা বুলি দাবী কৰিছে।

Also Read: মণিপুৰত পৃথক পৃথক অভিযানত বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ

assam rifles