মণিপুৰত নিচাজাতীয় টেবলেট উদ্ধাৰ

মণিপুৰত নিচাজাতীয় টেবলেট উদ্ধাৰ

ডিজিটেল সংবাদ, শিলচৰঃ চুবুৰীয়া ৰাজ্য মণিপুৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা লাভ কৰিছে নিৰাপত্তা বাহিনীয়ে। গোপন তথ্যৰ ভিত্তিত মণিপুৰ আৰক্ষী আৰু অসম ৰাইফলছে যৌথ অভিযান চলাই সোমবাৰে ৯০ হাজাৰ নিচাজাতীয় WY টেবলেট জব্দ কৰিছে।

জিৰিবাম-তামেংলং জিলাৰ সীমান্তৰ ফাইটোল গাঁৱত অভিযান চলাই জব্দ কৰে এই বুজন পৰিমাণৰ টেবলেট খিনি। জব্দ কৰা টেবলেটৰ ওজন ৪.৫৪০ কিলোগ্ৰাম । আন্তৰ্জাতিক বজাৰত জব্দকৃত এই টেবলেট খিনিৰ মুল্য প্ৰায় ১৩ কোটি টকা বুলি দাবী কৰিছে অসম ৰাইফলছে। টেবলেট সমুহ ম্যানমাৰৰ পৰা মণিপুৰৰ মাজেৰে বহিঃৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে। এই সংক্ৰান্তত টৌচেম থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখা হৈছে।

মণিপুৰত নিচাজাতীয় টেবলেট উদ্ধাৰ
মৰিয়নিত পানী যোগান আঁচনিৰ নামত কোটি টকাৰ কেলেংকাৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in