মৰিয়নিত পানী যোগান আঁচনিৰ নামত কোটি টকাৰ কেলেংকাৰী

মৰিয়নিত গ্ৰেটাৰ চেলেং পানী যোগান আঁচনিৰ নামত কোটি টকাৰ কেলেংকাৰী। আৰ টি আই তথ্যত ফাদিল ভয়ংকৰ তথ্য। এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ।

author-image
Asomiya Pratidin
New Update
মৰিয়নিত পানী যোগান আঁচনিৰ নামত কোটি টকাৰ কেলেংকাৰী

ডিজিটেল সংবাদ,মৰিয়নিঃ যোৰহাট জিলাৰ মৰিয়নি বিধান সভা সমষ্টিত বিশুদ্ধ খোৱা পানী যোগানৰ নামত প্ৰায় এশ কোটি টকাৰো অধিক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। মৰিয়নিবাসীক বিশুদ্ধ খোৱা পানী যোগানৰ লক্ষ্যৰে যোৰহাট জনস্বাস্থ্য কাৰিকৰী বিভাগে ৰূপায়ন কৰিছিলি গ্ৰেটাৰ চেলেং পানী যোগান আঁচনি। গ্ৰেটাৰ চেলেং পানী যোগান আঁচনি ৰূপায়নৰ বাবে ৩৪ কোটিৰ পৰা ৪০ কোটি টকা আবন্টন দিছিল চৰকাৰে ।এই আঁচনিখনে মৰিয়নি সমষ্টিৰ বৃহৎ এলেকাৰ খোৱা পানীৰ সমস্যা দূৰ কৰাৰ আশা কৰা হৈছিল।

Advertisment

উল্লেখ্য যে গ্ৰেটাৰ চেলেং পানী যোগান আঁচনিখন ২০১৪-২০১৫ বিত্তীয় বৰ্ষত কাম আৰম্ভ হৈছিল । গ্ৰেটাৰ চেলেং পানী যোগান আঁচনি খন ৰূপায়ত জড়িত আছিল গ্লবেল পাৱাৰ এণ্ড ইঞ্জিনীয়াৰিঙ, মৃগেন বড়া, ৰমেশ দাস, বিদ্যুত বুঢ়াগোঁহাই,অশোক দত্ত, নিৰ্মল গগৈ, জ্যোতি বৰুৱা, কৃষ্ণ ভূঞা, এম জি এন্টাৰপ্ৰাইজ, অভিজীৎ হাজৰিকা, সমীৰ দত্তকে ধৰি ২৯ জন ঠিকাদাৰ তথা ঠিকাদাৰী প্ৰতিষ্ঠান। আঁচনি খন পৰ্যবেক্ষনত যোৰহাট জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মঃ নাজিবুদ্দিন আহমেদ, মুনীন হাজৰিকা, চম্পক দত্ত, কৌশিক বৰতামুলী, আৰু খগেন তামুলী নামৰ অভিযন্তা কেইজন জড়িত আছিল।আনহাতে কোটিটকীয়া আঁচনিখন কাগজে কলমে সম্পূৰ্ণ হ’ল যদিও বৰ্তমানেও ৰাইজক এটুপি বিশুদ্ধ খোৱা পানী যোগান ধৰিব পৰা নাই। তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত প্ৰকাশ পাইছে গ্ৰেটাৰ পানী যোগান আঁচনি ৰূপায়নৰ নামত কি দৰে চৰকাৰী ধনৰ শৰাধ কৰিছিল ঠিকাদাৰ আৰু অভিযন্তা সকলে।

উল্লেখ্য যে মৰিয়নিৰ সীমান্তৱৰ্তী চেলেং লাওজানত ২০১৩ চনত তদানীন্তন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুন গগৈয়ে গ্ৰেটাৰ চেলেং পানী যোগান আঁচনি খনৰ নিৰ্মান কাৰ্যৰ আধাৰ শিলা স্থাপন কৰিছিল।উক্ত আঁচনি খনে চেলেংহাটৰ পৰা নকছাৰীলৈ মৰিয়নিৰ অৰ্ধিকাংশ লোকক পানী যোগান ধৰিব বুলি ঘোষণা কৰিছিল। কিন্তু নিৰ্মাণ কাৰ্য আৰম্ভনিৰ পৰা অতি লেহেমীয়া গতিৰে চলি আঁচনি খন সম্পূৰ্ণ হোৱালৈকে দহ বছৰ উকলি গ’ল। আনহাতে দহ বছৰ পাছতো ৰাইজে লাভ নকৰিল আঁচনিখনৰ পৰা এটুপি বিশুদ্ধ খোৱা পানী।

মন কৰিব লগীয়া যে আৰ টি আই তথ্যত প্ৰকাশ পোৱা অনুসৰি আঁচনি খনে ১২৮০ টা পৰিয়ালকহে পানী যোগানৰ লক্ষ্য আছিল। আনহাতে জল জীৱন আঁচনিৰ অধীনতহে নতুনকৈ ৪ হাজাৰ পৰিয়ালক পানী যোগানৰ পৰিকল্পনা গ্ৰহণ কৰা বুলি উল্লেখ আছে।ইফালে কোটি কোটি টকা ব্যয়ৰ পাছতো ৰাইজে এটুপি বিশুদ্ধ খোৱা পানী লাভ নকৰা বিপৰীতে ঠিকাদাৰ অভিযন্তা মিলি আঁচনিৰ সমুদায় ধন মোকলাই নিয়াৰ অভিযোগ উঠিছে।

আৰ টি আই কৰ্মী দিগন্ত শইকীয়াই তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত গ্ৰেটাৰ চেলেং পানী যোগান আঁচনিত সংঘটিত কেলেংকাৰীৰ তথ্য পোহৰলৈ আনিবলৈ সক্ষম হয়। আঁচনি খন ৰূপায়নৰ নামত ঠিকাদাৰ অভিযন্তাই কোটি কোটি টকা লুন্ঠন কৰি জেপ গধুৰ কৰা বাবেই আজিও ৰাইজে বিশুদ্ধ খোৱা পানী লাভ নকৰা বুলি অভিযোগ উত্থাপন কৰিছে আৰ টি আই কৰ্মী দিগন্ত শইকীয়াই। ইতিমধ্যে এই কেলেংকাৰীৰ বিৰুদ্ধে নৱ নিৰ্মান সেনা নামৰ সংগঠনটোৱে প্ৰধান মন্ত্ৰী কাৰ্যালয়ত অভিযোগ প্ৰদান কৰা লগতে ঠিকাদাৰ অভিযন্তা সকলক ই ডিৰ আওতাত আনি তদন্তৰ দাবী কৰিছে।

Also Read: নলবাৰীৰ দোকোহাত ভয়ংকৰ ঘটনা

jorhat mariyani water scam water supply project