মিজোৰামত বুজন পৰিমাণৰ হেৰ'ইন জব্দ : আটক ম্যানমাৰৰ নাগৰিক

মিজোৰামত বুজন পৰিমাণৰ হেৰ'ইন জব্দ : আটক ম্যানমাৰৰ নাগৰিক

author-image
Asomiya Pratidin
New Update
মিজোৰামত বুজন পৰিমাণৰ হেৰ'ইন জব্দ : আটক ম্যানমাৰৰ নাগৰিক

ডিজিটেল সংবাদ, শিলচৰ: চুবুৰীয়া ৰাজ্য মিজোৰামত বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে অসম ৰাইফলছ আৰু নাৰ্কোটিকছ বিভাগে। গোপন তথ্যৰ ভিত্তিত চাম্পাই জিলাৰ ত্লাঙছামত অভিযান চলাই অসম ৰাইফলছে আৰু নাৰ্কোটিকছ বিভাগে এজন ম্যানমাৰৰ নাগৰিকক আটক কৰে।

Advertisment

এনচাও মাংগা নামৰ ড্ৰাগছ সৰবৰাহকাৰী জনৰ পৰা ২৪ পেকেট হেৰ'ইন জব্দ কৰা হয়। পেকেট কেইটাৰ পৰা মুঠ প্ৰায় ৩০০ গ্রাম হেৰ'ইন জব্দ কৰা হয়। জব্দকৃত হেৰ''ইনৰ মূল্য প্ৰায় ২.০৬ কোটি টকা বুলি সদৰি কৰিছে অসম ৰাইফলছে। ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনৰ ঘৰ চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ বুলফেক এলেকাত।

আনহাতে, অন্য এক পৃথক অভিযানত চাম্পাই জিলাৰ জোটে এলেকাৰ পৰা অসম ৰাইফলছ আৰু নাৰ্কোটিকছ বিভাগে দুটা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে। বাকচ দুটাৰ পৰা মুঠ ২৫.৪ গ্রাম হেৰ'ইন জব্দ কৰা হয়।জব্দ কৰা হেৰ''ইনৰ মূল্য ১৭.৭৮লাখ টকা। ৰোমাল চাওমা নামৰ মিজোৰামৰ এজন সৰবৰাহকাৰীক আটক কৰা হয়। পিছত দুয়োজনকে চাম্পাই আৰক্ষীক চমজাই দিয়া হয়।

Also Read: মাকুমত নৃশংস ঘটনা : মছজিদৰ ইমামক ডিঙি ৰেপি হত্যা দুৰ্বৃত্তৰ

drugs peddler