মাকুমত নৃশংস ঘটনা : মছজিদৰ ইমামক ডিঙি ৰেপি হত্যা দুৰ্বৃত্তৰ

মাকুমত নৃশংস ঘটনা : মছজিদৰ ইমামক ডিঙি ৰেপি হত্যা দুৰ্বৃত্তৰ
Published on
Updated on

ডিজিটেল ডেস্কঃ মাকুমৰ কলাবাৰীস্থিত মছজিদত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। মছজিদৰ ইমামক নৃশংসভাৱে ডিঙি ৰেপি হত্যা কৰিলে অচিনাক্ত দুৰ্বৃত্তই। পুৱা আজান দিবলৈ আহি হত্যাৰ বলি হয় ইমাম তেজীব্বুৰ ইছলাম।

জানিব পৰা মতে, পুৱা ৪ বজাত আজান দিবলৈ আহিছিল ইমাম তেজীব্বুৰ ইছলাম। সেই সময়তে মছজিদৰ ভিতৰতে ইমামক আক্ৰমণ কৰে দুৰ্বৃত্তই। এজন প্ৰত্যক্ষদৰ্শীয়ে ইমামক আক্ৰমণ কৰি থকা দেখি আক্ৰমণকাৰীক কৰায়ত্ত কৰিবলৈ চেষ্টা কৰে যদিও বিফল হয়। প্ৰত্যক্ষদৰ্শীৰ মতে, আক্ৰমণকাৰীজন অচিনাকী আছিল আৰু তেওঁৰ মুখত কোনো আৱৰণ নাছিল। হত্যাকাৰীজনক স্পষ্টভাৱে দেখা বুলিও কয় প্ৰত্যক্ষদৰ্শীগৰাকীয়ে।

ইতিমধ্যেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰিছে। এই পৰ্যন্ত আৰক্ষীয়ে হত্যাকাৰীৰ কোনো খবৰ লাভ কৰা নাই যদিও তদন্ত অব্যাহত আছে।

মাকুমত নৃশংস ঘটনা : মছজিদৰ ইমামক ডিঙি ৰেপি হত্যা দুৰ্বৃত্তৰ
ভেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত ৩জন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in