নাগালেণ্ডৰ ৱাখাত প্ৰাক নিৰ্বাচনী হিংসা

গাড়ীত অগ্নি সংযোগ, জেডি (ইউ) যুৱ শাখাৰ সভাপতি আহত হয়

author-image
Asomiya Pratidin
New Update
নাগালেণ্ডৰ ৱাখাত প্ৰাক নিৰ্বাচনী হিংসা

ডিজিটেল সংবাদ বেকাজানঃ নিৰ্বাচনলৈ আৰু মাত্ৰ ১৪ দিন বাকী থকা অৱস্থাত নাগালেণ্ডৰ ৰাজনীতি ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে । নিৰ্বাচনত পৰাজিত হোৱাৰ শংকাত একাংশ ৰাজনৈতিক দলে নিৰ্বাচনৰ পূৰ্বে সংঘটিত কৰা হিংসাত্মক পৰিস্থিতিৰ বাবে ৩৮ নং টিয়ু বিধানসভা সমষ্টি উত্তেজিত হৈ পৰা বুলি জানিব পৰা গৈছে।

Advertisment

শনিবাৰ আৰু দেওবাৰে সমষ্টিটো কমেও চাৰিটা এনে হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। আইন শৃংখলা পৰিস্থিতি অধিক অৱনতি ঘটাৰ প্ৰতি লক্ষ্য ৰাখি ৱাখা আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে স্পৰ্শকাতৰ অঞ্চলত টহল দি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা বুলি জানিব পৰা গৈছে।

কালি বিয়লি টিয়ু সমষ্টিৰ চাৰ্চ কলনীত বিভিন্ন প্ৰাৰ্থীৰ সমৰ্থকৰ মাজত সংঘৰ্ষৰ ফলত জেডি (ইউ) যুৱ শাখাৰ সভাপতি আহত হয়। পি ডব্লিউ ডি কলনীত অচিনাকি দুষ্কৃতিকাৰীয়ে এখন বাহন (মহিন্দ্ৰ বলেৰো) জ্বলাই দিয়ে। আৰক্ষীয়ে জনোৱা মতে, ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে পকী বেৰেৰে চৌহদৰ ভিতৰত ৰখাই থোৱা আছিল গাড়ীখন। তেনেতে আই আৰ বিৰ জোৱানসকলে অঞ্চলটোত টহল দি থকাৰ সময়তে জুই দেখা পাই। জোৱানসকলে তৎক্ষণাত জুই নিৰ্বাপন কৰে। জানিব পৰামতে বাহনখন এজন প্ৰাৰ্থীৰ আত্মীয়ৰ বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জনোৱা মতে, জেডি (ইউ) সমৰ্থকে তেওঁলোকৰ এজন গ্ৰেপ্তাৰ সদস্যক মুকলি কৰি দিয়াৰ দাবীত ধৰ্ণা দিয়াৰ পূৰ্বৰ নিশা গাড়ীখন জ্বলোৱাৰ লগত জড়িত লোকসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবীত প্ৰাৰ্থীগৰাকীৰ সমৰ্থকসকলে থানাত সমবেত হৈছিল। আনহাতে, ৱাখা টাউন সমষ্টিতো দুটা প্ৰতিদ্বন্দ্বী দলৰ সমৰ্থকৰ মাজত প্ৰচণ্ড সংঘৰ্ষ ফলত দুয়োপক্ষই আঘাতপ্ৰাপ্ত হয়, আনহাতে বিজেপি প্ৰাৰ্থীৰ বাসগৃহৰ কাষত ৰখাই থোৱা এজন মাৰুতি জিপচি গাড়ী ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বিজেপি প্ৰাৰ্থীগৰাকীৰ কিছু খিৰিকীৰ কাঁচ ভাঙি পেলায়। আৰক্ষীয়ে শান্তি বজাই ৰখাৰ বাবে নাগৰিকসকলক হিংসাৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়।

আৰু পঢ়ক : আজি প্ৰেমৰ দিৱস,জীৱজগততো চিৰপ্ৰবাহমান প্ৰেম

nagaland assembly election