/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/d2ccc377-73ea-48c9-b7b8-d9c99f19ab5d/kaziranga_elephant.jpg)
ডিজিটেল সংবাদ, কাজিৰঙা : আজি প্ৰেমৰ দিৱস ৷ প্ৰেমৰ দিৱস উদযাপন অসমৰ পৰম্পৰা নহয় যদিও বহু বছৰ বছৰ ধৰি অসমত বিশেষ ভাৱে একাংশই ১৪ ফেব্ৰুৱাৰী দিনটো পালন কৰি আহিছে ভেলেণ্টাইন ডে' হিচাবে ৷ এই বিশেষ দিনটো প্ৰেমৰ দিৱস হিচাবে পালন কৰিলেও মানৱ জীৱনত প্ৰেমৰ অনুভূতি যিদৰে চিৰ প্ৰৱাহমান ঠিক সেইদৰে বন্য জীৱ জন্তুৰ মাজতো প্ৰেমৰ অপূৰ্ব নিদৰ্শনে অৱতাৰণা কৰে নান্দনিক দৃশ্যৰ ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/7b28e678-6734-4ddc-888d-65ddf3498f1c/deer_3.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/6f5d6e42-faf9-490d-95b9-17d1fe6eeb89/rhino_2.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/cd3cef07-2fc5-4184-a4eb-07c0e6bd9dbd/tiger_4.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/c625e976-039b-4bd3-94d4-f989b64ec0c1/rhino_1.jpg)
বিশেষ ভাৱে ধনেশ,চাকৈচকোৱা,ভাটৌ,হৰিণা,অসম গৌৰৱ এশিঙীয়া গঁড়,হাতী আদিৰ প্ৰেমৰ নিদৰ্শন চালে চকুৰোৱা,নয়নাভিৰাম ৷ জীৱজন্তুৰ প্ৰেমৰ নিদৰ্শন কেতিয়াবা মানৱ জীৱনৰ বাবেও হ’ব পাৰে অনুপ্ৰেৰণা ৷ প্ৰকৃতি প্ৰেমীৰ আহ্বান প্ৰেমৰ এই দিনটো কেৱল মানুহৰ মাজতে সীমাবদ্ধ নাৰাখি প্ৰসাৰিত হ’ব লাগে জীৱজগতলৈ ৷ জীৱজগতৰ প্ৰতি মানুহৰ প্ৰেম ভালপোৱাই প্ৰকৃতিৰ লগত মানুহৰ সম্পৰ্ক হৈ পৰিব অধিক সুদৃঢ় ৷