ইষ্টাৰ্ণ পিপলছ অৰ্গেনাইজেচনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

পৃথক ফ্ৰণ্টিয়াৰ নাগালেণ্ড নিদিয়া পৰ্যন্ত ২০২৩ চনৰ বিধানসভা নিৰ্বাচন বৰ্জনৰ ঘোষণা ইষ্টাৰ্ণ নাগালেণ্ডবাসীৰ

author-image
Asomiya Pratidin
New Update
ইষ্টাৰ্ণ পিপলছ অৰ্গেনাইজেচনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ডিজিটেল সংবাদ, ৱাখা : গ্ৰেটাৰ নাগালিম নহয়, এইবাৰ দ্বিখণ্ডি হোৱাৰ দিশে আগবাঢ়িছে নাগালেণ্ড । ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেচনৰ পৃথক ফ্ৰণ্টিয়া নাগালেণ্ডৰ আপোচবিহীন দাবীৰ স্থিতিত সম্প্ৰতি দিশাহাৰ নাগালেণ্ডৰ ৰাজনীতি । কিয়নো সোমবাৰে টুৱেনছাঙৰ খুলেই চেটছাঙৰ চি কে এছ হলত অনুষ্ঠিত ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেচনৰ কেন্দ্ৰীয় কাৰ্যবাহী পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠকত ভাৰত চৰকাৰে পৃথক ৰাজ্য ফ্ৰণ্টিয়াৰ নাগালেণ্ড অনুমোদন নকৰালৈকে ৰাজ্যখনৰ আগন্তুক ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত হ'ব লগা বিধানসভা নিৰ্বাচনত অংশগ্ৰহণৰ পৰা বিৰত থকাৰ কথা ঘোষণা কৰিছে ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেচনে ।

Advertisment

কালিৰ ইষ্টাৰ্ণ নাগালেণ্ডৰ ছয়খন জিলাৰ সাতটা জনগোষ্ঠীৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহত পূৰ্বৰ ২৬ আগষ্টৰ প্ৰস্তাৱত অটল থকাটো পুনৰ দৃঢ়তাৰে প্ৰকাশ কৰিছে। আৰু অহা নিৰ্বাচনত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্তত পুনৰ অটল হৈ থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এক সূত্ৰই জনোৱা মতে ইষ্টাৰ্ণ নাগালেণ্ডবাসীৰ দাবী পূৰণ নকৰিলে ছয়খন জিলাৰ ২০ সমষ্টিৰ ৰাইজে যিকোনো ৰাজনৈতিক দলৰ অন্তৰ্গত সকলো দলীয় কৰ্মীৰ পদত্যাগ দাবী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

তেওঁলোকক কোনো দলৰ প্ৰাৰ্থীক নিৰ্বাচনত মনোনয়ন দাখিলৰ অনুমতি দিয়া নহ’ব বুলি স্পষ্ট কৰি দিছে । ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেচনৰ এই সিদ্ধান্তই সম্প্ৰতি নেইফিউ ৰিঅ এন ডি পি পি আৰু বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ ভিতৰ চ'ৰাত তীব্ৰ কঁপনি তুলিছে ।

উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ তিনিজনীয়া সমিতিয়ে দলে পৃথক ফ্ৰণ্টিয়াৰ নাগালেণ্ডৰ সন্দৰ্ভত ইষ্টাৰ্ণ নাগালেণ্ড ভ্ৰমণ কৰি বাস্তৱিকতা অধ্যয়ন কৰা পিছতে উৎফুল্লিত হৈ নিজৰ দাবী আৰু শক্তিশালী কৰি তুলি কালি ২০২৩ চনৰ বিধানসভা নিৰ্বাচন বৰ্জন কৰাৰ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰে ।

ইফালে ক'হিমাত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅক গৃহমন্ত্ৰালয়ৰ দলটোৱে সাক্ষাৎ কৰি আজি দিল্লীলৈ ৰাওনা হৈছে । কেন্দ্ৰীয় দলটোৰ সৈতে হোৱা বৈঠকৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই কয় যে গৃহমন্ত্ৰালয়ৰ দলটোৰ উপদেষ্টা এ কে মিশ্ৰ চোৰাংচোৱা ব্যুৰ'ৰ যুটীয়া সঞ্চালক ড০ মনদীপ সিং টুলি আৰু এ কে ধ্যানীয়ে ইষ্টাৰ্ণ নাগালেণ্ডবাসীৰ মতামত সন্তুষ্ট হৈছে । ৰিঅ’ই কয় যে ২০১০ চনত আৰু ২০১১ চনত ইএনপিঅ’ই স্মাৰকপত্ৰ দাখিল কৰাৰ পিছত এখন তথ্য বিচাৰি উলিওৱা সমিতি গঠন কৰা হৈছিল আৰু তথ্য আৰু পৰামৰ্শ আৰু সকলো কাগজ-পত্ৰ কেন্দ্ৰীয় গৃহমন্ত্ৰালয়লৈ প্ৰেৰণ কৰা হৈছিল।

তেওঁ কয় যে এতিয়া পৃথক ফ্ৰণ্টিয়াৰ নাগালেণ্ডৰ বলট গৃহমন্ত্ৰালয়ৰ ক’ৰ্টত আছে।  কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিষয়টো গ্ৰহণ কৰি আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱাৰ লগতে তেওঁৰ বিষয়াসকলকো পূব অঞ্চললৈ প্ৰেৰণ কৰাত আনন্দ প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰিঅ’ই কয় যে এতিয়া পৃথক ফ্ৰণ্টিয়াৰ নাগালেণ্ডৰ গঠনৰ চূড়ান্ত সিদ্ধান্ত গৃহ মন্ত্ৰালয়ৰ ওপৰত নিৰ্ভৰশীল । ৰিঅৱে আশা কৰে যে  কেন্দ্ৰই কিছুমান সিদ্ধান্ত ল'ব।

ইফালে ৰাজ্যিক অতিৰিক্ত মুখ্য সচিব চেণ্টিয়াংগাৰ ইমচেনে সংবাদ মাধ্যমক কয় যে  গৃহমন্ত্ৰালয়ৰ দলটোৱে নিজৰ প্ৰতিবেদন দাখিল কৰিবলৈ খৰখেদা কৰিছে যাতে ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰই সিদ্ধান্তত সঠিক উপনীত হ’ব পাৰে । ইমচেনে কয় যে কেন্দ্ৰীয় দলটোৱে ২৩ ডিচেম্বৰত দিল্লীত ই এন পি অ’ আৰু ৰাজ্য চৰকাৰৰ বিষয়াসকলৰ সৈতে আন এক এলানি বৈঠকৰ আহ্বান কৰিছে । উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশত ইষ্টাৰ্ণ নাগালেণ্ডলৈ অহা দলটোৱে কি প্ৰতিবেদন দাখিল কৰিব তাৰ ওপৰতে নিৰ্ভৰ কৰিব ফ্ৰণ্টিয়াৰ নাগালেণ্ডৰ ভাগ্য । অৱশ্যে অহা জানুৱাৰী মাহত সকলো স্পষ্ট হ'ব।

আৰু পঢ়ক : পৃথিৱী সৃষ্টিৰ ৰহস্য এতিয়া অসমৰ ভূমিত...

nagaland