পৃথিৱী সৃষ্টিৰ ৰহস্য এতিয়া অসমৰ ভূমিত...

২০১৫ চনত পৃথিৱী পৃষ্ঠলৈ আহি পৰিছিল উল্কাপিণ্ডৰ এটি টুকুৰা । বায়ুমণ্ডলৰ ডাঠ তৰপ ভেদি এই উল্কাপিণ্ডটো আহি পৰিছিল অসমৰ গোলাঘাট জিলাৰ কমাৰগাঁওত । এ

author-image
Asomiya Pratidin
New Update
পৃথিৱী সৃষ্টিৰ ৰহস্য এতিয়া অসমৰ ভূমিত...

ডিজিটেল ডেস্ক : ২০১৫ চনত পৃথিৱী পৃষ্ঠলৈ আহি পৰিছিল উল্কাপিণ্ডৰ এটি টুকুৰা । বায়ুমণ্ডলৰ ডাঠ তৰপ ভেদি এই উল্কাপিণ্ডটো আহি পৰিছিল অসমৰ গোলাঘাট জিলাৰ কমাৰগাঁওত । এই উল্কাপিণ্ডৰ টুকুৰাটিয়েই এতিয়া ভেদ কৰিব পৃথিৱী সৃষ্টিৰ ৰহস্য । পৃথিৱীত জীৱ সৃষ্টিৰ ৰহস্য ভেদ কৰিবলৈ বিজ্ঞানী, গৱেষক সকলে বছৰ বছৰজোৰা গৱেষণা চলাই আহিছিল ইতিমধ্যে । আনহাতে, এতিয়ালৈ প্ৰকাশ পোৱা গৱেষণাৰ তথ্য অনুসৰি পৃথিৱীত জীৱ সৃষ্টিৰ ৰহস্য সৌৰজগতৰ কেন্দ্ৰস্থলত হোৱা বুলি ইংগিত বহন কৰি আহিছিল ।

Advertisment

গোলাঘাটত পৰা এই উল্কাপিণ্ডটিৰ ওপৰত গৱেষণা কৰি আই আই টি খৰগপুৰৰ গৱেষক সকলে উদ্ধাৰ কৰিছে যে, প্ৰথমবাৰৰ বাবে কোনো উল্কাপিণ্ডত আন সৌৰজগতৰ খনিজ পদাৰ্থৰ অৱস্থিতি ধৰা পেলাবলৈ সক্ষম হৈছে গৱেষক সকল । যাৰ বাবে এতিয়া হিৰোশ্বিমা বিশ্ববিদ্যালয়, জাপানৰ পদাৰ্থ বিজ্ঞান গৱেষণা কেন্দ্ৰই সহযোগ কৰিব পৰৱৰ্তী গৱেষণাৰ বাবে । তথ্য অনুসৰি, এই উল্কাপিণ্ডটি মঙল আৰু বৃহস্পতি গ্ৰহৰ মাজৰ এক গ্ৰহাণুৰ পৰা বিচ্ছিন্ন হৈ পৃথিৱী পৃষ্ঠৰ দিশে আহিছিল আৰু তাৰেই এটা টুকুৰা আহি পৰিছিল গোলাঘাট জিলাৰ কমাৰগাওঁত ।

প্ৰাৰম্ভিক গৱেষণাৰ অন্তত প্ৰকাশ পোৱা তথ্য সমূহ ইতিমধ্যেই জাৰ্নেল ফ'ৰ জিঅ'ফিজিকেল ৰিচাৰ্ছ প্লেনেট নামৰ এক গৱেষণামূলক আলোচনীত প্ৰকাশ কৰা হৈছে । এই সন্দৰ্ভত গৱেষক দলটিৰ নেতৃত্বত থকা সুজয় ঘোষে দিয়া ভাষ্য অনুসৰি, উল্কাপিণ্ডটিৰ পৰা ইতিমধ্যে কিছু অস্থিৰ উপাদান যেনে ছালফাৰ, ছডিয়াম, মেংগানিজ আৱিষ্কাৰ কৰা হৈছে । এই উপাদান সমূহ হৈছে পৃথিৱী সৃষ্টিৰ ক্ষেত্ৰত আটাইতকৈ বেছি অৰিহণা যোগোৱা উপাদান সমূহৰ অন্যতম ।

আৰু পঢ়ক : দিপালীক প্ৰয়োজন আপোনাৰ সহায়ৰ...

assam meteorite