সন্মুখত মেঘালয়ৰ নিৰ্বাচন, সঘনে সলনি হৈছে দলৰ প্ৰাৰ্থী

সন্মুখত মেঘালয়ৰ নিৰ্বাচন, সঘনে সলনি হৈছে দলৰ প্ৰাৰ্থী

ডিজিটেল ডেস্ক : মেঘালয়ত বলিছে নিৰ্বাচনৰ গৰম বতাহ । এই বতাহৰ সৈতেই ৰাজ্যখনৰ ৰাজনৈতিক প্ৰেক্ষাপটত দেখা গ'ল মিউজিক চেয়াৰৰ প্ৰতিযোগিতা । কিন্তু এই প্ৰতিযোগিতা আমি পূৰ্বতে প্ৰত্যক্ষ কৰি অহাৰ দৰে নহয় বৰং দল সাল সলনিৰ হে । প্ৰায় ২০ জন বিধায়কে ইতিমধ্যে সলনি কৰিছে দল । যোগদান কৰিলে এনে দলত যাৰ সৈতে আছিল প্ৰচণ্ড পাৰ্থক্য মতাদৰ্শৰ ।

ইয়াৰ পৰাই যেন প্ৰমাণ হ'ল ৰাজনীতি কেৱল সমাজৰ সেৱা নহয় বৰং ক্ষমতা লাভৰো যুঁজ । এই প্ৰতিযোগিতাত তিষ্ঠি থাকিবলৈ হ'লে আওকান কৰিব লাগিব নিজস্ব আদৰ্শ ।বিগত বৰ্ষত ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা তৃণমূল কংগ্ৰেছলৈ যাত্ৰা কৰিছিল ১২ জনকৈ বিধায়কে । যাৰ ফলত মেঘালয়ত বিৰোধী দল হৈ পৰিল তৃণমূল কংগ্ৰেছ । কিন্তু তাতেই শেষ নহ'ল দল বাগৰাৰ ৰাজনীতি ।

ৰাষ্ট্ৰীয় কংগ্ৰেছ দল (এন চি পি) ৰ বিধায়কে যোগদান কৰিলে ভাৰতীয় জাতীয় কংগ্ৰেছ, নেছনেলিষ্ট পিপলছ পাৰ্টীৰ দুজনকৈ নেতাই যোগদান কৰিলে ভাৰতীয় জনতা পাৰ্টীত, এগৰাকীয়ে যোগদান কৰিলে তৃণমূল কংগ্ৰেছত আৰু তৃণমূল কংগ্ৰেছৰ এগৰাকী বিধায়কে যোগদান কৰিলে বিজেপিত ।

শেহতীয়াকৈ প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি, প্ৰায় ২০ জন বিধায়কে সলনি কৰিলে দল । ইয়াৰে ভিতৰত ভাৰতীয় কংগ্ৰেছৰ পৰা নিলম্বিত নেতাও আছিল ভালেকেইজন ।

এতিয়া প্ৰশ্ন হয়, কেৱল মতৰ পাৰ্থক্যৰ বাবেই জানো এই দল সলনি প্ৰক্ৰিয়া ? কিয়নো কাৰ্যপ্ৰণালীত পাৰ্থক্য থাকিলেও ব্যক্তিসত্বা আৰু দলীয় আদৰ্শ একে হ'লেহে সাধাৰণতে এটি দলত যোগদান কৰা হয় । তেনেস্থলত যদি পৰৱৰ্তী সময়ত এই সকল বিধায়কে পুনৰ দল সলনি কৰে তেন্তে এই কথা বিশ্চিত হৈ পৰিব যে কেৱল দলীয় আদৰ্শৰ সৈতে থকা মতানক্যৰ বাবেই হোৱা নাছিল এই ৰদ-বদল । এতিয়া সকলোৰে চকু নিবদ্ধ থাকিব এই সকল বিধায়কৰ ওপৰত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in