বিয়া পাতিবলৈ গৈ ৰঙা ঘৰত সোমাল দৰা

বিয়া পাতিবলৈ গৈ ৰঙা ঘৰত সোমাল দৰা

ডিজিটেল সংবাদ,নগাঁও : বিয়া পাতিবলৈ গৈ ৰঙা ঘৰৰ আলহী হ'ব লগা হ’ল দৰা ৷ বৰমালা পিন্ধি বিবাহ স্থলীৰ পৰা পোনে পোনে যাব লগা হ’ল আৰক্ষী থানালৈ ৷ এই ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ ৰূপহীহাটত ৷

বিয়া পাতিবলৈ গৈ আৰক্ষীৰ আলহী হোৱা যুবকজনৰ নাম হৈছে উবাদুৰ ইছলাম (২১) ৷ ৰূপহীহাট আৰক্ষীয়ে দক্ষিণ খাতোৱালৰ পৰা উবাদুৰক কৰায়ত্ব কৰি থানালৈ আনে ৷ দক্ষিণ খাতোৱালৰ আব্দুল কালামৰ বাসগৃহত উবাদুৰে এগৰাকী কন্যা শিশুক বিয়া পাতিবলৈ গৈছিল ৷ আৰক্ষীয়ে সেই তথ্য লাভ কৰি অভিযান চলাই ৷ ঘটনাস্থলীৰ পৰা দৰা উবাদুৰক কৰায়ত্ব কৰে ৷ লগতে দুই সহযোগীকো আটক কৰে ৷

উবাদুৰক সহযোগ কৰাৰ অভিযোগত আটক কৰা আন দুজন যুবকৰ নাম হৈছে গুলজাৰ হুছেইন আৰু ৰফুল আমিন ৷ গুলজাৰৰ ঘৰ দক্ষিণ খাটোৱালত আৰু ৰফুলৰ ঘৰ জুৰীয়া মাৰিপাৰত ৷

ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৯/১০/১১ অধীনত ৪৩/২০২৩ নম্বৰত এক গোচৰ ৰুজু কৰি অভিযুক্তক আদালতত হাজিৰ কৰোয়ায় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in