/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/90a7ddf5-4f83-4130-a748-2401a96b20c5/9.jpg)
ডিজিটেল ডেস্কঃ শনিবাৰে সোণাপুৰ মহাবিদ্যালয় চৌহদত অনুষ্ঠিত হয় উত্তৰ-পূব ভাৰত আন্তঃমহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা-২০২৩। এই তৰ্ক প্ৰতিযোগিতাৰ বিষয় আছিল ‘সদনৰ মতে এক দেশ এক নিৰ্বাচনে ভাৰতৰ গণতন্ত্ৰক আৰু অধিক শক্তিশালী কৰিব’।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/70537ca6-4f17-4044-b65c-04cbddc5994d/whatsapp_image_2023_11_05_at_8_29_02_am.jpg)
গৌহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত মিজোৰাম, নাগালেণ্ড, মেঘালয়, অসমৰ পৰা অহা ২৬খন আঞ্চলিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ৪২ গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/797aad7a-6381-486d-9274-9aca3a7ce8d9/whatsapp_image_2023_11_05_at_8_28_50_am_1.jpg)
চিনাম উৰিবা সিঙৰ পৰিয়ালৰ পৃষ্ঠপোষকতাত চিনাম উৰিবা সিং স্মাৰক পুৰস্কাৰ ব্যক্তিগত আৰু দলীয় শাখাত বিজয়ীসকলক প্ৰদান কৰা হয়। গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ শ্ৰীমতী অবিস্পা কলিতাই শ্ৰেষ্ঠ তাৰ্কিকৰ খিতাপ দখল কৰি ১০ হাজাৰ টকাৰ পুৰস্কাৰ আৰু এটা ট্ৰফী লাভ কৰে। শিৱসাগৰ কমাৰ্চ কলেজৰ মহম্মদ হাছান ছাব্ৰিন ৰহমানে দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ বঁটা লাভ কৰি ৭ হাজাৰ টকাৰ পুৰস্কাৰ আৰু এটা ট্ৰফী লাভ কৰে আৰু গুৱাহাটীৰ ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিৰ অৰুনিমা ধৰ আৰু দেৰগাঁৱৰ ডি কে ডি কলেজৰ উৎপলজিৎ বৰাই যুটীয়াভাৱে তৃতীয় পুৰস্কাৰ লাভ কৰে। তৃতীয় পুৰস্কাৰত আছিল নগদ ৫০০০ টকাৰ ধন আৰু ট্ৰফী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/f7a7cb78-ffe4-429f-a230-be337d0b416e/whatsapp_image_2023_11_05_at_8_29_45_am.jpg)
উক্ত প্ৰতিযোগিতাত শিৱসাগৰ কমাৰ্চ কলেজে শ্ৰেষ্ঠ দলৰ বঁটা লাভ কৰাৰ বিপৰীতে দ্বিতীয় শ্ৰেষ্ঠ দলৰ বঁটা লাভ কৰে গুৱাহাটীৰ ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিয়ে। বিজয়ী দল দুটাই ক্ৰমে ৫,০০০ আৰু ৩,০০০ টকাৰ পুৰস্কাৰ আৰু ট্ৰফী লাভ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/3b660bb4-9df3-4e3d-ad2a-3e1b528dc62f/9c98e91c_1a75_4c75_84e1_69cd7d9d3c51.jpg)
ড০ বিপ্লৱ কুমাৰ শৰ্মাই মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ দেৱব্ৰত খনিকৰ আৰু বিচাৰকৰ পেনেলৰ সৈতে এই প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ কৰে। উক্ত প্ৰতিযোগিতাত বিচাৰকসকলৰ ভিতৰত আছিল গৌহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অংশুমান বৰা, সন্মানীয় স্তম্ভলেখক তথা অসম আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যাপক ড° প্ৰদ্যুম্ন গোস্বামী, লেখিকা তথা গৱেষিকা সুপৰ্ণা লাহিৰী বৰুৱা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/86af2ddc-2066-486a-82c0-46c393e53779/5e9f92f2_361c_4493_90a0_2e04d9e72307.jpg)
অনুষ্ঠানৰ আৰম্ভণিতে অধ্যক্ষ ড০ বিপ্লৱ কুমাৰ শৰ্মাই উদ্বোধনী ভাষণ প্ৰদান কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেৱব্ৰত খনিকৰে আদৰণি ভাষণ প্ৰদান কৰে। প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বে অধ্যক্ষ, অন্যান্য গণ্যমান্য ব্যক্তি, আৰু চিনাম উৰিবা সিঙৰ পৰিয়ালৰ সদস্যসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/2ea6aff7-8695-477a-93c8-4d15b1a868bb/54cd0643_7b24_4611_a01a_532f48ea29ce.jpg)
এই অনুষ্ঠানতে শিক্ষানুষ্ঠানখনৰ প্ৰাক্তন ছাত্ৰ প্ৰণৱ জ্যোতি ডেকাক তেওঁৰ উল্লেখযোগ্য কৃতিত্বৰ বাবে সন্মানিত কৰা হয়। উল্লেখ্য যে, নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুষ্ঠানত তেওঁ সন্মানীয় ৰজত কমলক লাভ কৰে। ডেকাই তেওঁৰ তিৱা ছবি ‘ফায়াৰ অন এজ’ৰ বাবে এই স্বীকৃতি লাভ কৰিছিল।
Also Read: মাকুমত নৃশংস ঘটনা : মছজিদৰ ইমামক ডিঙি ৰেপি হত্যা দুৰ্বৃত্তৰ