দলৰ সংবিধান মতেই গঠন কৰা হ'ব মন্ত্ৰী পৰিষদ : নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী লালডুহোমা

দলৰ সংবিধান মতেই গঠন কৰা হ'ব মন্ত্ৰী পৰিষদ : নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী লালডুহোমা

ডিজিটেল ডেস্ক : নতুন আশা বুকুত বান্ধি মিজোৰামৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে লালডুহোমা। পূৰ্বৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ আশাত চেঁচাপানী ঢালি ৰাজ্যখনৰ উত্তোৰণৰ বিভিন্ন দিশত নতুন নতুন পৰিকল্পনা গ্ৰহণ কৰিছে নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীয়ে।

জেদ পি এমৰ নেতা তথা মুখ্যমন্ত্ৰী লালডুহোমাই অহা ৮ ডিচেম্বৰত শপত গ্ৰহণ কৰিব। ইয়াৰ পিছতে তেওঁ ৰাজ্যৰ উন্নয়নৰ বাবে ১০০ দিনৰ কৰ্মসূচী ঘোষণা কৰিব। আনহাতে মন্ত্ৰীসভা গঠন সন্দৰ্ভত তেওঁ জানিবলৈ দিয়ে যে, এতিয়ালৈকে এই সম্পৰ্কে কোনো আলোচনা হোৱা নাই।

'দলৰ নিজা সংবিধান আছে আৰু সংবিধান মতেই গঠন কৰা হ'ব মন্ত্ৰী পৰিষদ।' সংবিধানৰ বিপৰীতে মন্ত্ৰীসভা গঠনত তেওঁৰ কোনো অধিকাৰ নাই বুলি মত প্ৰকাশ কৰে। অৱশ্যে বুধবাৰে নিশা এক বৈঠকত অনুষ্ঠিত হ'ব। এই বৈঠকতে মন্ত্ৰী পৰিষদ সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা থকাৰ কথা ব্যক্ত কৰে নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীয়ে।

দলৰ সংবিধান মতেই গঠন কৰা হ'ব মন্ত্ৰী পৰিষদ : নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী লালডুহোমা
তেজপুৰত ৭৩ নং ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ৰেংক চেৰেমনি সম্পন্ন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in