তেজপুৰত ৭৩ নং ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ৰেংক চেৰেমনি সম্পন্ন

তেজপুৰত ৭৩ নং ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ৰেংক চেৰেমনি সম্পন্ন

author-image
Asomiya Pratidin
New Update
তেজপুৰত ৭৩ নং ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ৰেংক চেৰেমনি সম্পন্ন

ডিজিটেল সংবাদ,জামুগুৰিহাট : এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমূখী কন্যা বিদ্যালয়ত ৭৩ নং ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ 'ৰেংক চেৰিমনি' অনুষ্ঠিত হয় । বিগত বৰ্ষত বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰা কেডেটসকলক বিদ্যালয়খনৰ ললিত মোহন চৌধুৰী প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে তেওঁলোকৰ পদবীসমূহ প্ৰদান কৰা হয়।

Advertisment

অনুষ্ঠানত মূখ্য অতিথিৰূপে উপস্থিত থাকে ৭৩ নং অসম ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কমাণ্ডিং অফিচাৰ কৰ্ণেল ভাস্কৰ হাজৰিকা । অধ্যক্ষ ৰূপম বৰাই এখনি ফুলাম গামোচাৰে আদৰণি জনোৱাৰ পিছত উপাধ্যক্ষ গোবিন্দ গয়াৰীয়ে বিদ্যালয়ৰ হৈ মূখ্য অতিথি হাজৰিকাক উষ্ম সম্ভাষণ জ্ঞাপন কৰে ।

ভাষণ প্ৰসংগত হাজৰিকাই এন চি চিৰ সৈতে সম্পৰ্কিত কেৰিয়াৰ সম্পৰ্কীয় দিশসমূহৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়। শিক্ষক শুভ্ৰজ্যোতি শৰ্মা আৰু মায়াশ্ৰী বৰুৱা নেওগে আঁত ধৰা অনুষ্ঠানটিত কেডেটসকলক পদবীসমূহ প্ৰদান কৰে জ্যেষ্ঠ শিক্ষক ভবেন দাস, পূৰ্ণিমা দাস, ৰীমা দেৱী আৰু ইংকন বৰাই।

এক শৃংখলাবদ্ধ জীৱনশৈলী আৰু অনুশাসনে কেনেকৈ শিক্ষাৰ্থীসকলক তেওঁলোকৰ ইপ্সিত লক্ষ্যত উপনীত হ'বলৈ গতি ত্বৰান্বিত কৰে সেইবিষয়ে বক্তব্য দাঙি ধৰে বিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ বিষয়া বৰ্ণালী শইকীয়াই। লগতে তেওঁ কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সমূহ শিক্ষক-শিক্ষয়িত্ৰী তথা কৰ্মচাৰীবৃন্দ, ছাত্ৰীসকল আৰু অভিভাৱকসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।

Also Read: বিশ্বনাথ জিলা পৰিষদৰ কাৰ্যবাহী বিষয়াৰ সংবাদমেল

tezpur