
কৰিমগঞ্জৰ অসম-ত্ৰিপুৰা সীমান্তৰ চুৰাইবাড়িত নিচাযুক্ত কফচিৰাপ জব্দ।
চুৰাইবাড়িৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে মুঠ ৩৮২০০ বটল নিচাযুক্ত কফচিৰাপ।
ইউ পি ৮০ ডি টি ০৪৯৯ নম্বৰৰ ট্ৰাকত অভিযান চলাই জব্দ কৰা হয় এই বুজন পৰিমাণৰ কফচিৰাপখিনি।
২১৫ টা পেকেটত এই কফচিৰাপখিনি সৰবৰাহৰ চেষ্টা চলোৱা হৈছিল।
চন্দ্ৰ সেখৰ তেওৱাৰী আৰু ৰামসাগৰ তেওৱাৰি নামৰ দুইজন সৰবৰাহকাৰীক আটক কৰা হৈছে।