
মণিপুৰত ৯৬ লাখ টকাৰ বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ।
চুবুৰীয়া ৰাজ্য মণিপুৰত বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ কৰিছে অসম ৰাইফলছে।
ম্যানমাৰ সীমান্তৱৰ্তী মণিপুৰৰ কামজোং জিলাৰ শ্বাংকা লোক নালা এলেকাত অভিযান চলাই অসম ৰাইফলছে জব্দ কৰিছে ১০০ বস্তা বাৰ্মিজ চুপাৰী।
চুপাৰী খিনি ম্যানমাৰৰ পৰা মণিপুৰত প্ৰৱেশৰ সময়ত জব্দ কৰে ৰাইফলছে।
জব্দ কৰা চুপাৰী খিনিৰ বজাৰ মূল্য প্ৰায় ৯৬ লাখ টকা।
চুপাৰীৰ সৈতে ম্যানমাৰৰ দুজন সৰবৰাহকাৰীক আটক কৰা হয়।