মুখ্যমন্ত্ৰীয়ে পদত্যাগ নকৰা পৰ্যন্ত মণিপুৰলৈ শান্তি ঘূৰি নাহেঃ কংগ্ৰেছ

যেতিয়ালৈকে এন বীৰেণ সিং মণিপুৰৰ মুখ্যমন্ত্ৰী হৈ থাকিব তেতিয়ালৈকে ৰাজ্যখনলৈ শান্তি ঘূৰি নাহে

author-image
Asomiya Pratidin
New Update
মুখ্যমন্ত্ৰীয়ে পদত্যাগ নকৰা পৰ্যন্ত মণিপুৰলৈ শান্তি ঘূৰি নাহেঃ কংগ্ৰেছ

ডিজিটেল ডেস্কঃ যেতিয়ালৈকে এন বীৰেণ সিং মণিপুৰৰ মুখ্যমন্ত্ৰী হৈ থাকিব তেতিয়ালৈকে ৰাজ্যখনলৈ শান্তি ঘূৰি নাহে। এই দাবী কংগ্ৰেছৰ। লগতে প্ৰধানমন্ত্ৰীক ৰাজ্যখনৰ বাবে কাম কৰিবলৈ আহ্বান জনাই কয় যে, তথাকথিত দ্বৈত ইঞ্জিন শাসনৰ বিফলতা ঢাকিবলৈ বিজেপিয়ে যাতে কোনো বেয়া কাম নকৰে।

Advertisment

দেওবাৰে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে বিজেপিক আক্ৰমণ কৰি এই মন্তব্য কৰে। এক টুইটযোগে কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৰাকীয়ে কয় যে, "মণিপুৰৰ ভয়াৱহতাৰ সত্যতা ওলাই অহাৰ লগে লগে প্ৰতিটো দিনতে এইটো স্পষ্ট হৈ পৰিছে যে ৰাজ্যখনৰ আইন-শৃংখলা ধ্বংস হৈ গৈছে।সকলো বিচলিত হৈছে। মহিলা আৰু পৰিয়ালবোৰে আটাইতকৈ বেয়া, অকল্পনীয় অত্যাচাৰৰ সন্মুখীন হৈছে''।

লগতে কয় যে, "বীৰেন সিং মুখ্যমন্ত্ৰী হৈ থকালৈকে শান্তি ঘূৰি নাহে। প্ৰধানমন্ত্ৰীয়ে কাম কৰাৰ সময় কেতিয়াবাই পাৰ হৈ গৈছে।

উল্লেখ্য যে, মণিপুৰত দুইগৰাকী মহিলাক উলংগ কৰি ৰাজপথত পেৰেড কৰা ঘটনা পোহৰলৈ অহাৰ পাছতেই দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ইতিমধ্যে এই ঘটনাৰ লগত জড়িত ৪ জনক গ্ৰেপ্তাৰ কৰা হৈছে।

Also Read: গোলাঘাট জিলা পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

congress