গোলাঘাট জিলা পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

গোলাঘাট জিলা পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

author-image
Asomiya Pratidin
New Update
গোলাঘাট জিলা পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

ডিজিটেল সংবাদ, গোলাঘাট:গোলাঘাটৰ চেলেঙিস্থিত সতী সাধনী কলাক্ষেত্ৰত দেওবাৰে গণ পৰিষদৰ গোলাঘাট জিলা পৰিষদৰ এখনি বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়। সভাত অসম গণ পৰিষদৰ কেন্দ্ৰীয় সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰা আৰু দলটোৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু দেৰগাও বিধান সভা সমষ্টিৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীকে ধৰি কেইবাজনো কেন্দ্ৰীয় বিষয় ববীয়াই অংশগ্ৰহণ কৰে।

সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠিত কৰা এই বৰ্ধিত কাৰ্য নিৰ্বাহক সভাখনত অনাগত দিনবোৰত আঞ্চলিকতাবাদৰ ধ্বজাবাহী দলটোক কিদৰে শক্তিশালী ৰূপত আগুৱাই নিব পাৰি সেই সন্দৰ্ভত বিশদ আলোচনা কৰা হয়। মন্ত্ৰী বৰাই দলটোক আৰু অধিক শাক্তিশালী কৰাৰ স্বাৰ্থত প্ৰতিগৰাকী কৰ্মীৰ সহায় সহযোগিতাৰ পোষকতা কৰে।

ইফালে সভাত দলটোৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি কেশৱ মহন্ত তথা মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকি আগন্তুক নিৰ্বাচনত মিত্ৰতাৰ জৰিয়তে কেনেদৰে দলটো অৱতীৰ্ণ হ’ব সেইসন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

Also Read: ইম্ফল বিমান বন্দৰত উপস্থিত দিল্লী মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱাল