উচ্ছেদক লৈ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষঃ আহতৰ তালিকাত আছে আৰক্ষী অধীক্ষকো...

উচ্ছেদক লৈ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষঃ আহতৰ তালিকাত আছে আৰক্ষী অধীক্ষকো...
উচ্ছেদক লৈ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষঃ আহতৰ তালিকাত আছে আৰক্ষী অধীক্ষকো...

ডিজিটেল সংবাদ বেকাজানঃ তিনিখনকৈ জিলাৰ বনাঞ্চলত বসবাস কৰা কুকি জনগোষ্ঠীৰ লোকক এন বীৰেন সিঙ চৰকাৰে উচ্ছেদ কৰাক লৈ মণিপুৰত উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে‌। জানিব পৰামতে মণিপুৰৰ কুকি প্ৰধান পাহাৰীয়া জিলা চূৰাচান্দপুৰত শুকুৰবাৰে উলিওৱা শান্তি সমদলে হিংসাত্মক ৰূপ লয়।

ফলত আৰক্ষীকে ধৰি বহুলোক গুৰুতৰভাৱে আহত হয়। আহতসকলৰ ভিতৰত কাংপকপি জিলাৰ আৰক্ষী অধীক্ষকো আছে। উল্লেখযোগ্য যে, শুকুৰবাৰে দুপৰীয়া কুকি ষ্টুডেন্টছ অৰ্গেনাইজেচনে জি এইচ কিউৰ সহযোগত কাংপোকপি, চুৰাচান্দপুৰ আৰু টেঙনৌপাল জিলাৰ বিভিন্ন স্থানত শান্তি সমদল উলিয়াইছিল ।

কিন্তু প্ৰশাসনে প্ৰতিবাদ মষিমূৰ কৰাৰ উদ্দেশ্যে ১৪৪ ধাৰা জাৰি কৰি সমদলত নিষেধাজ্ঞা জাৰি কৰাৰ পিছতো হাজাৰ হাজাৰ লোকে সমদলত অংশগ্ৰহণ কৰে। পুৱা প্ৰায় ১১.২০ বজাত আৰম্ভ হোৱা এই সমাৱেশত স্মাৰক পত্ৰ দাখিল কৰিবলৈ উপায়ুক্ত কাৰ্যালয়ত শ শ লোক উপস্থিত হোৱাৰ লগে লগে আৰক্ষীয়ে বাধা প্ৰদান কৰে ।

ফলত প্ৰতিবাদীকাৰীসকলে বলপূৰ্বকভাৱে আগবাঢ়ি যাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষী আৰু সমদলকাৰীৰ মাজত সংঘাত সৃষ্টি হয়। সমদলকাৰীক দমন কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছৰ গোলা আৰু মক বোমা নিক্ষেপ কৰে।

একাংশ আৰক্ষী কৰ্মীয়ে অংশগ্ৰহণকাৰীসকলক ছত্ৰভংগ দিয়াৰ চেষ্টাত বতাহত প্ৰকৃত গুলীও নিক্ষেপ কৰে। সমদলকাৰীসকলে আৰক্ষীৰ ফালেও শিলগুটি নিক্ষেপ কৰে। এই সংঘৰ্ষত দুয়োপক্ষৰ কেইবাজনো সামান্যভাৱে আঘাতপ্ৰাপ্ত হৈছে।

সংঘৰ্ষত আহত কৰ্তব্যৰত আৰক্ষী বিষয়াৰ ভিতৰত কাংপকপি জিলাৰ এছ পি বিক্ৰমজিতো আছিল। অৱশ্যে আৰক্ষীয়ে কুকি ইনপি মণিপুৰ , কাংপকপি জিলা আৰু KSO GHQৰ একাংশ নেতাক আগবাঢ়ি যাবলৈ অনুমতি দি অতিৰিক্ত উপায়ুক্তক মণিপুৰৰ ৰাজ্যপালক উদ্দেশ্যি এখন স্মাৰক পত্ৰ দাখিল কৰাৰ সুযোগ দিয়াৰ লগে লগে পৰিস্থিতি শান্ত হয়।

স্মাৰক পত্ৰখন দাখিল কৰাৰ পিছত সংবাদ মাধ্যমক কিম কাংপকপি থাংমিনলিয়েন কিপগেনে অভিযোগ কৰে যে, জিলা প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰি জনজাতীয় জনসাধাৰণৰ শান্তিপূৰ্ণ সমাৱেশক বিফল কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষক বল প্ৰয়োগ কৰাৰ পৰিৱৰ্তে নিৰীহ লোকৰ অভিযোগ শুনিবলৈ আহ্বান জনায়।

চুৰাচান্দপুৰ আৰু টেংগনৌপাল জিলাৰ কুকি প্ৰধান অঞ্চলসমূহতো নিজ নিজ জিলা প্ৰশাসনে আৰোপ কৰা নিষেধাজ্ঞাক আওকাণ কৰি একেধৰণৰ ৰেলী অনুষ্ঠিত কৰা হয়। শেহতীয়াকৈ মণিপুৰ চৰকাৰে চুৰাচান্দপুৰ জিলাৰ কাংচুপ গেলজাং মহকুমাৰ কংচুপ চিৰু আৰু হেঙেলেপ মহকুমাৰ কে ছংজাং গাঁৱত নতুনকৈ প্ৰতিষ্ঠিত এখন গাঁও উচ্ছেদ কৰে।

চৰকাৰৰ এনে উচ্ছেদৰ বিৰুদ্ধে কুকি জনজাতীয় সংস্থা আৰু ছাত্ৰ সংগঠন কে এছ অ’-জি এইচ কিউৱে জনজাতীয় বসতিপ্ৰধান গাঁও বা ব্যক্তিগত মালিকানাধীন ভূমি আৰু পৰম্পৰাগত মুখীয়ালৰ অধীনত থকা মাটিক ভুলকৈ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা বুলি অভিযোগ কৰি উচ্ছেদ অভিযানৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

এই হিংসাত্মক ঘটনাৰ পাছতে মণিপুৰ কেবিনেটে কুকি কে এন এ আৰু জোমি ৰিভলেনেচৰী আৰ্মি বা জেড আৰ এ নামৰ দুটা পাহাৰীয়া বিদ্ৰোহী গোটৰ সৈতে হোৱা ত্ৰিপাক্ষিক আলোচনা প্ৰত্যাহাৰ কৰিছে। কেবিনেটে উল্লেখ কৰে যে, এই সমাৱেশসমূহ অসাংবিধানিক আৰু সেয়েহে এই সমাৱেশসমূহ অবৈধ।

১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞাৰ আদেশ উলংঘা কৰি এই সমাৱেশৰ অনুমতি দিয়াৰ বাবে চুৰাচান্দপুৰ আৰু টেংগনৌপালৰ উপায়ুক্ত আৰু এছ পিসকলক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে। নিৰাপত্তাৰ ক্ষেত্ৰত ত্ৰুটিৰ বাবে দায়ী বিষয়াসকলৰ ওপৰতো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্ত্ৰীসভাই সিদ্ধান্ত লৈছে।

উচ্ছেদক লৈ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষঃ আহতৰ তালিকাত আছে আৰক্ষী অধীক্ষকো...
যোৰহাটত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদৰাকী শাখাৰ অভিযানঃ এজনক আটক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in