ফ্ৰণ্টিয়া নাগালেণ্ডৰ দাবী নাকচ কেন্দ্ৰীয় চৰকাৰৰ

গৃহ মন্ত্ৰ্যালয়ৰ দলে দাখিল কৰা প্ৰতিবেদনৰ পিছতে ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেচনৰ জনাই অহা ‘ফ্ৰন্টিয়াৰ নাগালেণ্ড’ দাবী নাকচ কৰিছে কেন্দ্ৰই ।
 ফ্ৰণ্টিয়া নাগালেণ্ডৰ দাবী নাকচ কেন্দ্ৰীয় চৰকাৰৰ

ডিজিটেল সংবাদ, ৱাখা  : গৃহ মন্ত্ৰ্যালয়ৰ দলে দাখিল কৰা প্ৰতিবেদনৰ পিছতে  ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেচনৰ জনাই অহা ‘ফ্ৰন্টিয়াৰ নাগালেণ্ড’ দাবী নাকচ কৰিছে কেন্দ্ৰই । সম্প্ৰতি ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেচনৰ প্ৰতিনিধি দলে গৃহ মন্ত্ৰালয়ৰ সমিতিৰ বিষয়াসকলৰ সৈতে বৃহস্পতিবাৰে পুনৰ বৈঠকত মিলিত পৰিকল্পনা কৰিছে।

উল্লেখযোগ্য যে প্ৰাক্তন কেন্দ্ৰীয় চোৰাংচোৱা বিষয়া তথা শান্তি আলোচনা প্ৰতিনিধি  অক্ষয় কুমাৰ মিশ্ৰই আজি গুৱাহাটীলৈ আহিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ক দাখিল কৰা প্ৰতিবেদনৰ ফলাফল সন্দৰ্ভত আলোচনা কৰিবলৈ। জানিব পৰামতে  ই এন পি অ’ৰ ১৭ জনীয়া প্ৰতিনিধি দলে গুৱাহাটীলৈ  গুৱাহাটীত উপস্থিত হৈছে ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে গঠন কৰা দলটোত এ কে মিশ্ৰৰ লগতে চোৰাংচোৱাৰ ব্যুৰ' যুটীয়া সঞ্চালক  ডাঃ মনদীপ সিং টুলি আৰু গৃহমন্ত্ৰ্যালয়ৰ উত্তৰ-পূব সংমণ্ডলৰ সঞ্চালক এ কে ধ্যানী আছে । কেন্দ্ৰই পৃথক ৰাজ্যত্বৰ দাবীক নাকচ কৰাৰ পিছতে ইষ্টাৰ্ণ নাগালেণ্ডৰ সাতটা শীৰ্ষ জনজাতীয় সংগঠন– চাং খুলি চেটছাং , খিয়ামিউংগান জনজাতি পৰিষদ , কনিয়াক ইউনিয়ন , ফ’ম পিপলছ কাউন্সিল , ইউনাইটেড  ছাংতম , লিখুম পুমজী, টিখিৰ জনজাতি পৰিষদ (টিটিচি), আৰু ইমখিউং জনজাতি পৰিষদে হোটেল চাৰামাটি ডিমাপুৰত  ১৯ ডিচেম্বৰৰ বৈঠকত “এটা পৃথক ফ্ৰণ্টিয়া নাগালেণ্ড দাবী পূৰ্ণ নোহোৱালৈকে ৰাজ্য আৰু  কেন্দ্ৰৰ কোনো নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ নকৰিব ঘোষণা কৰিছিল ।

ইফালে, সূত্ৰ অনুসৰি, ৩ জানুৱাৰীত ক'হিমাত অনুষ্ঠিত  কেবিনেট বৈঠকত ইএন পিঅক পৃথক ৰাজ্য দাবী প্ৰত্যাহাৰ কৰিবলৈ আবেদন জনাইছিল।  ‘ফ্ৰন্টিয়াৰ নাগালেণ্ড’ৰ দাবীক লৈ শেহতীয়াকৈ ই এন পি অ’ৰ সদস্যসকলে দিল্লীৰ পৰা অহা আইনী বিশিষ্ট ব্যক্তিসকলৰ সৈতে আলোচনাত মিলিত হোৱা বুলিও জানিব পৰা গৈছে৷

আৰু পঢ়ক: তিনিদিনে সন্ধানহীন গোলাঘাটৰ ৬০ বছৰীয়া গুণ বৰা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in