তিনিদিনে সন্ধানহীন গোলাঘাটৰ ৬০ বছৰীয়া গুণ বৰা...

তিনিদিনে সন্ধানহীন গোলাঘাট জিলাৰ মৰঙী মৌজাৰ মাজুলী গাঁৱৰ এগৰাকী ৬০ বছৰীয়া মহিলা।
তিনিদিনে সন্ধানহীন গোলাঘাটৰ ৬০ বছৰীয়া গুণ বৰা....
তিনিদিনে সন্ধানহীন গোলাঘাটৰ ৬০ বছৰীয়া গুণ বৰা....

ডিজিটেল সংবাদ, নুমলীগড় : তিনিদিনে সন্ধানহীন গোলাঘাট জিলাৰ মৰঙী মৌজাৰ মাজুলী গাঁৱৰ এগৰাকী ৬০ বছৰীয়া মহিলা। ৩ জানুৱাৰীৰ পুৱা ৪ মান বজাৰ পৰাই নিৰুদ্দেশ হৈ আছে মাজুলী গাঁৱৰ গুণ বৰা নামৰ মহিলগৰাকী।

পৰিয়ালৰ লোকৰ মন্তব্য অনুসৰি মানসিক ভাৱে অসুস্থ আছিল গুণ বৰা। ইতিমধ্যে মহিলগৰাকী নিৰুদ্দেশ হোৱাৰ কথা বগীজান আৰক্ষীৰ আগত অৱগত কৰে পৰিয়ালৰ লোকে।

কোনো সদাসয় লোকে মহিলগৰাকীৰ সম্ভেদ পালে 8822969132 আৰু 60001413374 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ পৰিয়ালৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in