/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/77eef831-8e13-4189-8ca4-37cc7c4aced0/sonowal_13.jpg)
মেঘালয়ত নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ গৈ এন পি পিক তীব্ৰ সমালোচনা সোণোৱালৰ...
ডিজিটেল সংবাদ বৰ্ণিহাটঃ কেন্দ্ৰীয় মন্ত্রী তথা বিজেপি নেতা সৰ্বানন্দ সোণোৱালে দুর্নীতি, স্বজন-তোষণ আৰু জন- বিৰোধী স্থিতিৰ বাবে নেচনেল পিপল পাৰ্টী (এন পি পি) আৰু তৃণমূল কংগ্ৰেছ (টি এম চি)ক তীব্র সমালোচনা কৰে। মেঘালয়ৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ১০ নং জিৰাং সমষ্টিৰপৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰা ৰিয়া চাংমাৰ সমৰ্থনত আজি বর্ণিহাটত এখন নির্বাচনী জনসভা সম্বোধন কৰি সোণোৱালে কয়, "মাননীয় প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰে মেঘালয় চৰকাৰক যথেষ্ট সহায়-সহযোগিতা আগবঢ়াইছিল যদিও এন পি পি-য়ে বাস্তৱ ক্ষেত্ৰত কোনো আঁচনিয়েই সঠিককৈ ৰূপায়ণ নকৰিলে।
তেওঁলোক মাত্ৰ নিমজ্জিত হৈ থাকিল পৰিয়ালতন্ত্ৰ আৰু দুৰ্নীতিৰ মাজত। জনতাৰ ফালে পিঠি দি তেওঁলোকে কেৱল নিজৰ স্বাৰ্থসিদ্ধিতহে নিমগ্ন হৈ থাকিল। আনহাতে, তৃণমূল কংগ্ৰেছৰ দুৰ্নীতিগ্ৰস্ত আচৰণ, ভ্ৰষ্টাচাৰ আৰু নিজৰ মাজতে খেলি-মেলিৰ স্থিতিয়ে মেঘালয়ত তেওঁলোকৰ অস্তিত্বকে নস্যাৎ কৰিছে।"
সৰ্বানন্দ সোণোৱালে আজি জনগণক উদ্দেশ্যি কয়, "মাননীয় প্রধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবে উত্তৰ-পূব ভাৰতে নিজৰ গৌৰৱ আৰু মৰ্যাদা পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। কংগ্ৰেছৰ দিনত হোৱা হত্যা-হিংসা, অর্থনৈতিক উদাসীনতা, ৰাজনৈতিক গুৰুত্বহীনতা, বিভাজন আদিয়ে সমগ্র অঞ্চলটোক বহু পিছুৱাই ৰাখিছিল।
কিন্তু মোডী ডাঙৰীয়াৰ দূৰদৰ্শী নীতি আৰু সদিচ্ছাৰ বাবেই অঞ্চলটোৱে এতিয়া ভাৰতৰ বিকাশৰ নতুন ইঞ্জিন হিচাপে আত্মপ্ৰকাশ কৰিছে। বিগত ৯ বছৰত সমগ্র দেশতে যি আমূল পৰিৱৰ্তনৰ সূচনা হৈছে, সেই উন্নয়নৰ যাত্ৰাত উত্তৰ-পূৰ্বাঞ্চলেও সমানেই চামিল হৈছে।
এয়া সম্ভৱ হৈছে মোডী ডাঙৰীয়াৰ সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস নীতিৰ বাবে। তেখেতে জনজাতীয় লোকসকলৰ সৰ্বাংগীণ উন্নয়ন আৰু সবলীকৰণতো যথেষ্ট গুৰুত্ব আৰোপ কৰিছে।
এইবাৰৰ বাজেটতো দেশৰ জনজাতীয় লোকসকলৰ লগতে উত্তৰ- পূৰ্বাঞ্চলৰ বিকাশৰ বাবে বহুগুণে পুঁজি বৃদ্ধি কৰা হৈছে। তদুপৰি সোণোৱালে উল্লেখ কৰে, মেঘালয়ৰ বুকুত যথেষ্ট শক্তি-সম্ভাৱনা আছে, যাৰ বিষয়ে গভীৰভাৱে হৃদয়ংগম কৰিছে বিজেপি চৰকাৰে।
এইবাৰৰ বাজেটত দেশৰ পৰ্যটন ক্ষেত্ৰৰ সৰ্বাংগীণ উত্তৰণতো গুৰুত্ব দিয়া হৈছে, যাৰদ্বাৰা মেঘালয়ৰ পৰ্যটনৰ দিশটোৱেও যথেষ্ট লাভ কৰিব। তদুপৰি বিজেপিয়ে সমগ্ৰ দেশজুৰি যুৱ আৰু মহিলা সবলীকৰণত বিশেষ গুৰুত্ব দিছে।
ৰাস্তা, বিজুলী, বিনামূলীয়া অন্ন, ৰন্ধন গেছ, বাসগৃহ আদিৰ সংযোগকৰণ আৰু যুৱপ্ৰজন্মৰ সংস্থাপনত সৰ্বাধিক গুৰুত্ব দিয়া দলটোৱেই হৈছে বিজেপি। মেঘালয়ৰ অবিৰাম প্ৰগতিৰ লগতে আর্থ-সামাজিক দিশৰ উত্তৰণৰ বাবে বিজেপি সদায় প্ৰতিশ্ৰুতিবদ্ধ।
এইবাৰৰ বাজেটৰ জৰিয়তে আত্মসহায়ক গোটসমূহৰ শক্তিশালীকৰণত যথেষ্ট গুৰুত্ব দিয়া হৈছে। ইয়াৰ জৰিয়তে মেঘালয়ৰ আত্মসহায়ক গোটসমূহো যথেষ্ট যথেষ্ট লাভান্বিত হ'ব পাৰিব।
আহক, মোডী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত এখন আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাৰ দিশত এখন শক্তিশালী মেঘালয় গঢ়ি তোলাৰ বাবে আমি সকলোৱে হাতে হাত ধৰি আগুৱাই যাওঁ। ইয়াৰ বাবে বিজেপিৰ পক্ষত ভোটদান কৰিবলৈ সৰ্বস্তৰৰ লোককে মই আন্তৰিকতাৰে আহ্বান জনালোঁ।
It was a pleasure to address an election meeting at Byrnihat, Jirang LAC for @BJP4Meghalaya candidate Smt Riya Sangma.
It's #Time4Change in Meghalaya as @BJP4India promises development, free from corruption & discrimination. Let's #Vote4BJP and herald a new era of progress. pic.twitter.com/9LbFDtc4Vz— Sarbananda Sonowal (@sarbanandsonwal) February 13, 2023
Also Read: লোকসভা নিৰ্বাচনৰ পূৰ্বে গৰম হ'ব অসমৰ ৰাজনীতিঃ দিল্লী মডেল হৈ আহি আছে কেজৰিৱাল...