Advertisment

লোকসভা নিৰ্বাচনৰ পূৰ্বে গৰম হ'ব অসমৰ ৰাজনীতিঃ দিল্লী মডেল হৈ আহি আছে কেজৰিৱাল...

লোকসভা নিৰ্বাচনৰ পূৰ্বে গৰম হ'ব অসমৰ ৰাজনীতিঃ দিল্লী মডেল হৈ আহি আছে কেজৰিৱাল...

author-image
Asomiya Pratidin
New Update
লোকসভা নিৰ্বাচনৰ পূৰ্বে গৰম হ'ব অসমৰ ৰাজনীতিঃ দিল্লী মডেল হৈ আহি আছে কেজৰিৱাল...

লোকসভা নিৰ্বাচনৰ পূৰ্বে গৰম হ'ব অসমৰ ৰাজনীতিঃ দিল্লী মডেল হৈ আহি আছে কেজৰিৱাল...

ডিজিটেল ডেস্কঃ অসমলৈ আহিব আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰীৰ অৰবিন্দ কেজৰিৱাল। অহা মাৰ্চ মাহৰ প্ৰথমটো সপ্তাহতে অসমলৈ আহিব কেজৰিৱাল।

Advertisment

তেওঁৰ লগতে অসমলৈ আহিব দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সন্দীপ পাঠকো। উল্লেখ্য যে কেইদিনমানৰ পূৰ্বে আপ অসমৰ ৰাজ্যিত সমন্বয়ক ডাঃ ভৱেন চৌধুৰীৰ নেতৃত্ব এটা দলে দিল্লীত অৰবিন্দ কেজৰিৱাল আৰু শীৰ্ষ নেতৃত্বক সাক্ষাত কৰিছিল।

এই সাক্ষাতৰ সময়ছোৱাতে বিভিন্ন বিষয়ৰ ওপৰত আলোচনাও অনুষ্ঠিত হয়। আলোচনাৰ অন্তত দিল্লীক শিক্ষানুষ্ঠানকে ধৰি আপে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক প্ৰকল্প দৰ্শন কৰিছিল অসমৰ দলটোৱে।

দলটোৱে পৰিদৰ্শন কৰিছিল দিল্লীৰ মহল্লা ক্লিনিকো। উল্লেখ্য যে এই আলোচনাতে আপে ২০২৪ ৰ লোক সভাৰ নিৰ্বাচনত অসমত সৰ্ব শক্তি প্ৰয়োগেৰে অৱতীৰ্ণ হোৱাৰ বিষয়েও স্থান লাভ কৰিছে।

আনহাতে পঞ্চায়ত নিৰ্বাচনতো অৱতীৰ্ণ হ'ব দলটো। গতিকে এনে সময়ত অৰবিন্দ কেজৰিৱালে অসম ভ্ৰমণ কৰাৰ বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

ইফালে অৰবিন্দ কেজৰিৱালৰ অসম ভ্ৰমণ বিষয়টোত ৰাজ্যিত যুটীয়া সমন্বয়ক লক্ষ্মীকান্ত ডুবেয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি অৰবিন্দ কেজৰিৱালে অসম ভ্ৰমণ কৰাৰ লগে লগে ৰাজ্যখনত আপে এটা গতি লাভ কৰিব।

Also Read: সন্মুখত বছৰেকীয়া পৰীক্ষা তাৰ মাজতে উচ্ছেদৰ জাননী ৭ খন বিদ্যালয়লৈ...

অৰবিন্দ কেজৰিৱাল