কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নিষিদ্ধ ঘোষণা কৰিলে মণিপুৰৰ ৯ উগ্ৰপন্থী সংগঠনক

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নিষিদ্ধ ঘোষণা কৰিলে মণিপুৰৰ ৯ উগ্ৰপন্থী সংগঠনক

author-image
Asomiya Pratidin
New Update
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নিষিদ্ধ ঘোষণা কৰিলে মণিপুৰৰ ৯ উগ্ৰপন্থী সংগঠনক

ডিজিটেল ডেস্কঃ মণিপুৰৰ হিংসাত্মক ঘটনাৰ পিছতেই কঠোৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়। নিষিদ্ধ ঘোষণা কৰিলে ৯ টাকৈ মেইটেই উগ্ৰপন্থী সংগঠনক। দেশ বিৰোধী কাৰ্যাকালপ সংঘটিত কৰাৰ বাবে সোমবাৰে নিষিদ্ধ ঘোষণা কৰে সংগঠনকেইটাক।

Advertisment

৫ বছৰলৈ নিষিদ্ধ কৰে মেইটেই উগ্ৰপন্থী গোটৰ লগতে আন সহযোগী সংগঠনসমূহক। নিষিদ্ধ কৰা হ’ল মণিপুৰৰ PLA নামৰ উগ্ৰপন্থী সংগঠনটোক। PLAৰ ৰাজনৈতিক শাখা RPFকো নিষিদ্ধ ঘোষণা।

ইয়াৰোপৰি নিষিদ্ধ ঘোষণা কৰা সংগঠনকেইটা- উনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্ট (UNLF),UNLFৰ ৰাজনৈতিক শাখা MPA, উগ্ৰপন্থী সংগঠন ‘প্ৰিপাক’, প্ৰিপাক’কৰ সশস্ত্ৰ সংগঠন ৰেড আৰ্মি, KCP, KYKL আৰু ASUK।

বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত এই নিষিদ্ধকৰণ ।পূৰ্বতেও নিষিদ্ধ ঘোষিত হৈছিল PLA, UNLF, প্ৰিপাক, KYKL ।

 উল্লেখ্য যে, বিগত মে' মাহৰ পৰা ৰাজ্যখনত হিংসাত্মক কাৰ্যাকালপ সংঘটিত হৈ আছে। বৰ্তমানলৈকে বহুলোকৰ মৃত্যু হোৱাৰ লগতে আহতও হৈছে । হাজাৰ হাজাৰ লোক গৃহহীন হৈছে। এতিয়াও শাম কটা নাই এই সংঘৰ্ষ। ইয়াৰ মাজতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Also Read: বিশিষ্ট শিক্ষাবিদ,সাহিত্যিক সুৰেন্দ্ৰ মোহন নাথলৈ"নৰেন্দ্ৰদেৱ শাস্ত্ৰী স্মাৰক বঁটা"

manipur