বিশিষ্ট শিক্ষাবিদ,সাহিত্যিক সুৰেন্দ্ৰ মোহন নাথলৈ"নৰেন্দ্ৰদেৱ শাস্ত্ৰী স্মাৰক বঁটা"

বিশিষ্ট শিক্ষাবিদ,সাহিত্যিক সুৰেন্দ্ৰ মোহন নাথলৈ"নৰেন্দ্ৰদেৱ শাস্ত্ৰী স্মাৰক বঁটা"

author-image
Asomiya Pratidin
New Update
বিশিষ্ট শিক্ষাবিদ,সাহিত্যিক সুৰেন্দ্ৰ মোহন নাথলৈ"নৰেন্দ্ৰদেৱ শাস্ত্ৰী স্মাৰক বঁটা"

ডিজিটেল সংবাদ, তেজপুৰঃ তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ, প্ৰচাৰ বিমুখ নীৰৱ সাহিত্যিক, ৯০ বছৰীয়া অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ সুৰেন্দ্ৰ মোহন নাথলৈ শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰে ২০২৩ বৰ্ষৰ "নৰেন্দ্ৰদেৱ শাস্ত্ৰী স্মাৰক বঁটা" ঘোষণা কৰিছে।উল্লেখ্য যে, শোণিতপুৰ জিলাখনৰ সংবাদ কৰ্মী সকলৰ পিতামহ স্বৰূপ সাহিত্যিক, সাংবাদিক তথা বিশিষ্ট সংস্কৃত পণ্ডিত নৰেন্দ্ৰদেৱ শাস্ত্ৰীৰ ১০ ডিচেম্বৰৰ ওপজা দিনৰ লগত সংগতি ৰাখি ২০১০ বৰ্ষৰ পৰাই শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰে এই বঁটা প্ৰদান কৰি আহিছে।

Advertisment

এইবাৰ মহিৰূহ গৰাকীৰ ৯৫ সংখ্যক ওপজা দিনৰ লগত সংগতি ৰাখি অহা ১০ ডিচেম্বৰ, দেওবাৰে তেজপুৰ সাহিত্য সভা ভৱনত পুৱা ১১ বজাত আয়োজন কৰা "নৰেন্দ্ৰদেৱ শাস্ত্ৰী স্মাৰক বক্তৃতানুষ্ঠান আৰু বঁটা প্ৰদান অনুষ্ঠান" ত নিৰৱ সাহিত্যিক - শিক্ষাবিদ গৰাকীক অষ্টম বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰা হ'ব বুলি এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰে জানিবলৈ দিছে।

উল্লেখ্য যে ১৯৩৪ চনৰ ৩ অক্টোবৰত তেজপুৰৰ বেছেৰীয়াত জন্ম গ্ৰহণ কৰিছিল নাথে। বৰ্তমান তেজপুৰৰ ঘৰপৰা চুবুৰীত স্থায়ী ভাৱে থাকিবলৈ লোৱা সুৰেন্দ্ৰ মোহন নাথে ১৯৪৯ চনত বেছেৰীয়া এম ভি স্কুলৰ পৰা এম ভি পৰীক্ষাত উত্তীৰ্ণ হৈছিল। পিছত ১৯৫৫ চনত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ১৯৬০ চনত দৰংমহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী আৰু ১৯৭৫ চনত যোৰহাট স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ পৰা বি টি লাভ কৰিছিল। ইয়াৰ উপৰি ১৯৭৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছিল।

ইয়াৰ পিছতেই বিহগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে শিক্ষকতা জীৱনৰ পাতনি মেলি পৰৱৰ্তী সময়ত ওপজা গাঁও বেছেৰীয়াৰ বেছেৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ বদলি হৈ আহিছিল। এগৰাকী আদৰ্শ শিক্ষক হিচাপে সকলোৰে মাজত জনপ্ৰিয়তা অৰ্জন কৰি উক্ত বিদ্যালয়ৰ পৰাই ১৯৯৪ চনৰ ৩১ মে'ত উপাধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।

ছাত্ৰ জীৱনৰ পৰাই সাহিত্য চৰ্চাত আত্মনিয়োগ কৰা নাথে ১৯৫২, ৫৩, ৫৪ চনত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুখপত্ৰ "সঁফুৰা" ত গল্প আৰু কবিতাৰে আৰু ১৯৬০ চনৰ ১ জুলাইত "নীলাচল" কাকতত এটি প্ৰবন্ধ প্ৰকাশ কৰাৰ পিছৰ পৰাই অসমৰ প্ৰায়সমূহ কাকত আলোচনীত নিয়মীয়াকৈ লেখা মেলা অব্যাহত ৰাখিছিল।

বৰ্তমানলৈকে দহখনকৈ গ্ৰন্থ প্ৰকাশ কৰি উলিওৱাৰ লগতে আন ৮খন গ্ৰন্থ অপ্ৰকাশিত অৱস্থাত ৰাখি সাহিত্য সাধনা অব্যাহত ৰাখিছে। তেওঁৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ সমূহৰ ভিতৰত অন্যতম হ'ল গল্প সংকলন "নীলা আকাশৰ চকুলো", "জীৱন নদীৰ কোলাহল", স্বপ্নৰ বৰ্ণিল পৃথিৱী প্ৰবন্ধ সংকলন হ'ল "চিন্তন আৰু অনুভৱ", "মনন আৰু অনুধাৱন", "বাবা চাহেব ড০ ভীম ৰাও ৰামজী আম্বেদকাৰ" শীৰ্ষক জীৱনী গ্ৰন্থ "গীতি মঞ্জিৰী" শীৰ্ষক সুৰীয়া কবিতা সংকলন আৰু "মইনা হঁতৰ ৰং ৰহইচৰ সঁফুৰা" শীৰ্ষক শিশু কবিতা সংকলন আদি। তেজপুৰ সাহিত্য মঞ্চ, তেজপুৰ সাহিত্য সভা আৰু পদ্মনাথ গোহাঞি বৰুৱা শাখা সাহিত্য সভাৰ সৈতে জড়িত নাথক গুৱাহাটীৰ সাহিত্য - সংস্কৃতিক অনুষ্ঠান "সৃষ্টিৰ পদাতিকে "২০১৮ চনত" জীৱনজোৰা সাধনা বঁটা" প্ৰদান কৰাৰ লগতে বিভিন্ন অনুষ্ঠানে সম্বৰ্ধনা জ্ঞাপন কৰিছে।

আনহাতে এই বঁটা প্ৰদান অনুষ্ঠানতে এইবাৰ " বৰগীতৰ পাঠ পৰম্পৰা" শীৰ্ষক বিষয়ত "নৰেন্দ্ৰদেৱ শাস্ত্ৰী স্মাৰক বক্তৃতা" প্ৰদান কৰিব তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক, গৱেষক তথা প্ৰখ্যাত গল্পকাৰ ড০ সঞ্জীৱ পল ডেকাই।

আনহাতে অনুষ্ঠানটিত বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিব আইন সেৱাৰে সোণালী জয়ন্তী অতিক্ৰম কৰা তেজপুৰৰ দুগৰাকীকৈ প্ৰবীণ অধিবক্তা তথা সমাজকৰ্মী সুভাষ চন্দ্ৰ বিশ্বাস আৰু যামিনী কুমাৰ বৈশ্যৰ লগতে বিশ্বনাথ চাৰিআলিৰ প্ৰকৃতিপ্ৰেমী তথা বৃক্ষ বন্ধু কুমুদ বৰুৱা আৰু তেজপুৰৰ প্ৰবীণ শিক্ষয়িত্ৰী পংকজা শইকীয়াক ।

Also Read: চীনৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্যৰে বাংলাদেশৰ সাংসদ লেফটেনেণ্ট কৰ্ণেল ফাৰুক খানৰ চীন ভ্ৰমণ