মণিপুৰ-ম্যানমাৰ‌ সীমান্তত ১.১৪০ কোটি টকাৰ বাৰ্মিজ চুপাৰী জব্দ

মণিপুৰ-ম্যানমাৰ‌ সীমান্তত ১.১৪০ কোটি টকাৰ বাৰ্মিজ চুপাৰী জব্দ

author-image
Asomiya Pratidin
New Update
মণিপুৰ-ম্যানমাৰ‌ সীমান্তত ১.১৪০ কোটি টকাৰ  বাৰ্মিজ চুপাৰী জব্দ

ডিজিটেল সংবাদ, শিলচৰ: চুবুৰীয়া ৰাজ্য মণিপুৰত অবৈধ বাৰ্মিজ চুপাৰীৰ বিৰুদ্ধে অভিযান অসম ৰাইফলছৰ। গোপন তথ্যৰ ভিত্তিত অভিযান চলাই অসম ৰাইফলছে মণিপুৰৰ কামজোং জিলাৰ পাইকোহ এলেকাৰ পৰা জব্দ কৰে দুখন বাৰ্মিজ চুপাৰী ভৰ্তি ট্ৰাক।

Advertisment

ট্ৰাক দুখনৰ পৰা জব্দ কৰা হয় ১১৫ বস্তা বাৰ্মিজ চুপাৰী। জব্দকৃত চুপাৰী খিনিৰ বজাৰ মূল্য প্ৰায় ১.১৪০ কোটি টকা বুলি সদৰি কৰিছে অসম ৰাইফলছে।

চুপাৰী খিনি ম্যানমাৰৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ সময়ত জব্দ কৰা হয়। চুপাৰীৰ সৈতে এগৰাকী মহিলা সহ তিনি গৰাকী সৰবৰাহকাৰীক আটক কৰে অসম ৰাইফলছে।

Also Read: "স্ব-ইচ্ছাৰেই পি অ' কে হ'ব ভাৰতৰ অংশ"- ভি কে সিং

manipur assam rifles