/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/94840405-9ca4-4acf-b7fb-9cf9bec60b2f/8.jpg)
ডিজিটেল সংবাদ, শিলচৰঃ চোৰাং সামগ্ৰীৰ বিৰুদ্ধে মেঘালয় বিএছএফৰ বৃহৎ সাফল্য। বাংলাদেশলৈ সৰবৰাহৰ সময়ত মেঘালয়ত বুজন পৰিমাণৰ চোৰাং চেনি জব্দ কৰিছে বিএছএফে। দক্ষিণ গাৰো পাহাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ৰংগৰা সীমান্তৱৰ্তী অঞ্চলৰ পৰা সোমবাৰে জব্দ কৰা হয় চেনিসমুহ।
বিএছএফৰ এক সুত্ৰই জানিবলৈ দিয়া মতে, গোপন তথ্যৰ ভিত্তিত মেঘালয় আৰক্ষী আৰু বিএছ এফৰ ২০০নম্বৰ বেটেলিয়নে যুটীয়া অভিযান চলাই জব্দ কৰে কেইবা শ চেনিৰ বস্তা। বাংলাদেশলৈ সৰবৰাহৰ বাবে গোপন স্থানত মজুত কৰি ৰখা হৈছিল চেনিৰ বস্তাসমূহ। জব্দ কৰা এই চেনিৰ মুল্য ১০ লাখ টকাতকৈও বেছি বুলি সদৰি কৰে বি এছ এফৰ সুত্ৰটোৱে। পিছত জব্দ কৰা চেনি সমুহ স্থানীয় ৰংৰা থানাক গতাই দিয়া হয় ।
Also Read: চেম্পিয়ন হ'ল আৰ চি বিঃ হতাশা আঁতৰা নাই বিজয় মালিয়াৰ...