চেম্পিয়ন হ'ল আৰ চি বিঃ হতাশা আঁতৰা নাই বিজয় মালিয়াৰ...

পুৰুষ দলটোও চেম্পিয়ন হোৱাৰ কামনা
চেম্পিয়ন হ'ল আৰ চি বিঃ হতাশা আঁতৰা নাই বিজয় মালিয়াৰ...
চেম্পিয়ন হ'ল আৰ চি বিঃ হতাশা আঁতৰা নাই বিজয় মালিয়াৰ...

ডিজিটেল ডেস্কঃ ডব্লিউ পি এলত চেম্পিয়ন হ'ল আৰ চি বি। স্মৃতি মান্ধানাৰ নেতৃত্বত আৰ চি বিয়ে দিল্লীক পৰাস্ত কৰি দেওবাৰে দখল কৰিলে ডব্লিউ পি এলৰ ট্ৰফী। আৰ চি বি শিবিৰত এয়াই প্ৰথমটো ট্ৰফী।

আই পি এলত আৰ চি বিয়ে প্ৰতিবাৰেই অনুৰাগীৰ স্বপ্ন ভংগ কৰি আহিছে। প্ৰতিবাৰেই দলটোৱে ট্ৰফী জয় কৰিব বুলি অনুৰাগীসকলে আশা কৰে যদিও প্ৰতিবাৰেই দলটোৱে অনুৰাগীক বিমুখ কৰে।

এনে পৰিস্থিতিত স্মৃতি মান্ধানাৰ নেতৃত্বত মহিলা দলটোৱে ট্ৰফী জয় কৰাত এতিয়া পুৰুষ দলটো অধিক চাপৰ সন্মুখীন হোৱাটো নিশ্চিত হৈ পৰিছে। অৱশ্যে তাৰ মাজতেই এটা টুইটে বিশেষ চৰ্চা লাভ কৰিছে।

বেংকৰ পৰা কেইবাহাজাৰ কোটি টকাৰ ঋণ লৈ দেশ এৰি পলায়ন কৰা বিজয় মালিয়াই এক্স হেণ্ডেলত দেওবাৰে আৰ চি বিৰ মহিলা দলটোক শুভেচ্ছা জনাই এক বাৰ্তা প্ৰেৰণ কৰিছে। আৰ চি বি ফ্ৰেঞ্চাইজিৰ এসময়ৰ মালিক আছিল বিজয় মালিয়া।

এই বিজয় মালিয়াই এক্স (পূৰ্বৰ টুইটাৰ)ত হেণ্ডেলত লিখিছে- ডব্লিউ পি এল জয় কৰাৰ বাবে আৰ চি বি মহিলা দলটোক আন্তৰিক অভিনন্দন। এয়া দুগুণ চমৎকাৰ হ'ব যদিহে আৰ চি বি পুৰুষ দলেও আই পি এল জয় কৰে। শুভকামনা।

২০০৮ চনত আই পি এলৰ আৰম্ভণিতে আৰ চি বিৰ মালিক আছিল বিজয় মালিয়া। কিছু বছৰ তেওঁৱেই এই দলটো চম্ভালিছিল। আৰ চি বিৰ হোম গ্ৰাউণ্ড চিন্নাস্বামীত দলটোৰ প্ৰতিখন মেচ উপভোগ কৰিবলৈ আহিছিল বিজয় মালিয়া।

কিন্তু ২০১৬ ত ঋণ লৈ বিদেশলৈ পলায়ন কৰে বিজয় মালিয়াই। ইয়াৰ পিছতে আৰ চি বি মালিকো সলনি হয়। এতিয়া এই দলটোৰ সৈতে মালিয়াৰ কোনো সম্পৰ্ক নাই। তাৰ পাছতো অৱশ্যে মালিয়াই আৰ চি বিয়ে ট্ৰফী জয় কৰাটো বিচাৰে। দলটোৱে এই পৰ্যন্ত ট্ৰফী জয় কৰিব নোৱাৰাৰ বাবে হতাশো হৈছে।

উল্লেখ্য যে, ডব্লিউ পি এলৰ এইবাৰ আছিল দ্বিতীয় ছিজন। প্ৰথম ছিজনত বিজয়ী হৈছিল মুম্বাই ইণ্ডিয়ানছ। সেইবাৰ আৰ চি বি প্লে' অফতো প্ৰৱেশ কৰিবলৈ সক্ষম হোৱা নাছিল। কিন্তু এইবাৰ দলটো চেম্পিয়ন হয়।

২০০৮ ৰ পৰা এই পৰ্যন্ত আই পি এলৰ মুঠ ১৬ টা ছিজন অনুষ্ঠিত হৈছে। এই ১৬ টা ছিজনত আৰ চি বি মুঠ ৩ বাৰ ২০০৯, ২০১১ আৰু ২০১৬ ত ফাইনেল খেলিছিল। কিন্তু দলটো চেম্পিয়ন হ'ব নোৱাৰিলে।

এইবাৰ মহিলা দলটো চেম্পিয়ন হোৱাত পুৰুষ দলটোও চেম্পিয়ন হোৱাটো বিচাৰিছে অনুৰাগীসকলে। ফলত পুৰুষ দলটোৰ ওপৰত চাপ বৃদ্ধি পাইছে। এই চাপ লৈ কিদৰে মেচত অৱতীৰ্ণ হয় সেয়া অৱশ্যে হ'ব লক্ষ্যণীয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in