/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/af9a651c-da7e-414b-84f6-a82194714b94/bsf_25.jpg)
বাংলাদেশলৈ সৰবৰাহৰ চেষ্টা চলোৱা ১১ লাখৰো অধিক মূল্যৰ সামগ্ৰী জব্দ...
ডিজিটেল ডেস্কঃ মেঘালয়ত বি এছ এফে ভাৰত-বাংলাদেশ সীমান্তৰ পৰা দুটা পৃথক অভিযান চলাই অবৈধ চোৰাং কাৰোবাৰ সফলতাৰে প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছে। বি এছ এফৰ ফালৰ পৰা প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি বি এছ এফে ১১ লাখ টকাৰো অধিক মূল্যৰ ভাৰতীয় চেনী আৰু অন্যান্য সামগ্ৰী জব্দ কৰিছে।
উল্লেখ্য যে, নিৰ্দিষ্ট তথ্যৰ আধাৰত বি এছ এফৰ ২০০ নং বেটেলিয়নে পশ্চিম গাৰো পাহাৰ জিলাৰ ডাম্বুকাফলৰ সীমান্তৱৰ্তী এলেকাত অভিযান চলাই। এই অভিযানৰ ফলত বাংলাদেশলৈ চোৰাং ব্যৱসায়ৰ বাবে সাজু কৰি ৰখা ৫০০০ কিলোগ্ৰাম ভাৰতীয় চেনী জব্দ কৰে।
একেসময়তে, আন এক অভিযানত, বি এছ এফৰ ১১০ বেটেলিয়নে মেঘালয়ৰ পূব খাচী পাহাৰ জিলাৰ কাচিন্দাৰ সীমান্তৱৰ্তী এলেকাত এখন পিকআপ বাহন জব্দ কৰে। এই বাহনখনত বাংলাদেশলৈ সৰবৰাহৰ বাবে কঢ়িয়াই অনা বিভিন্ন সামগ্ৰী আছিল। এই সকলোবোৰ বি এছ এফে জব্দ কৰিছে।
বি এছ এফে জব্দকৃত এই সামগ্ৰী পৰৱৰ্তী প্ৰয়োজনীয় আইনী পদক্ষেপৰ বাবে তৎক্ষণাৎ সংশ্লিষ্ট শুল্ক কাৰ্যালয়লৈ হস্তান্তৰ কৰে।
Also Read: দিহানামৰ বিশ্ব অভিলেখ গঢ়াৰ প্ৰচেষ্টাৰে বটদ্ৰৱাত কৰ্মশালা...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us