দিহানামৰ বিশ্ব অভিলেখ গঢ়াৰ প্ৰচেষ্টাৰে বটদ্ৰৱাত কৰ্মশালা...

দিহানামৰ বিশ্ব অভিলেখ গঢ়াৰ প্ৰচেষ্টাৰে বটদ্ৰৱাত কৰ্মশালা...
দিহানামৰ বিশ্ব অভিলেখ গঢ়াৰ প্ৰচেষ্টাৰে বটদ্ৰৱাত কৰ্মশালা...

ডিজিটেল সংবাদ বটদ্ৰৱাঃ এইবাৰ দিহানামে ৰচিব বিশ্ব ৰেকৰ্ড। যোৱা ১৪ এপ্রিলত ১১ হাজাৰৰো অধিক বিহুৱা-বিহুৱতীয়ে বিহু নৃত্য পৰিৱেশন কৰি অভিলেখ গঢ়াৰ লগতে একেটা স্থানতে ৩ হাজাৰ ঢুলীয়াই ঢোল বাদন কৰি গীনিজ বুকছ অফ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান পোৱাৰ পাছতে এতিয়া ৰাজ্যত ৬০ হাজাৰ নামতীৰে দিহানাম পৰিৱেশন কৰি বিশ্ব অভিলেখ গঢ়িবলৈ যো-জা চলিছে।

উজনি নামনি আৰু মধ্য অসমৰ আইমাতৃসকলৰ অংগ্ৰহণেৰে অনুষ্ঠিত হ'বলগিয়া এই দিহানামৰ বিশ্ব অভিলেখ কাৰ্যসূচীৰ অংশ হিচাপে আজি বটদ্ৰৱা থানৰ আই খেৰসূতী সাংস্কৃতিক মঞ্চত বটদ্ৰৱা, গোসাঁই খন্দা, ভোমোৰাগুৰি আদি গাঁৱৰ দুই শতাধিক নামতি সমবেত হয়।

আকাশীগংগাৰ পাৰত এই উপলক্ষে পুৱা বন্তি প্ৰজ্বলনৰ পাছত সমবেত আইমাতৄ সকলে "আজি ৰাতি শিলা বৰষিলে" শীৰ্ষক দিহানাম আখৰা আৰম্ভ কৰে। কৰ্মশালাত প্ৰশিক্ষক তুলুমণি বৰুৱাৰ লগতে ভাগ্য লক্ষ্মী বৰদলৈ, মীনা কলিতাকে কৰি অঞ্চলটোৰ দুই শতাধিক আইমাতৃ, যুৱকে অংশ গ্ৰহণ কৰে।

দিহানামৰ বিশ্ব অভিলেখ গঢ়াৰ প্ৰচেষ্টাৰে বটদ্ৰৱাত কৰ্মশালা...
সুৰা আৰু সুৰৰ ৰাগীত বিধৌত মাজুলী মিউজিক ফেষ্টিভেল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in