/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/c0ad081a-906e-4fc6-8f00-e46e48e40a11/web_copy.jpg)
ডিজিটেল ডেস্কঃ ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন সীমান্ত সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধান আইপিএছ নিতিন আগৰৱালৰ। সীমান্তৰ বৰ্তমানৰ নিৰাপত্তা পৰিস্থিতি আৰু কাৰ্যকৰী প্ৰস্তুতিৰ পৰ্যালোচনাৰ বাবে ১৯ আৰু ২০ ছেপ্টেম্বৰত মেঘালয়ৰ সীমান্ত ভ্ৰমণ কৰিব সঞ্চালক প্ৰধানগৰাকীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/4cc5474f-4626-4fea-b440-f873e25a4e08/79e7390e_e850_428b_b23b_7de5591d3512.jpg)
১৯ ছেপ্টেম্বৰত প্ৰথম দিনাৰ কাৰ্যসূচী মৰ্মে সঞ্চালক প্ৰধানগৰাকীক মেঘালয় বিএছএফৰ আইজি আইপিএছ প্ৰদীপ কুমাৰ আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলে উম্পলিঙস্থিত বিএছএফৰ চৌহদত আদৰণি জনায়। আইজিগৰাকীয়ে মেঘালয়ৰ ভাৰত-বাংলাদেশ সীমান্তৰ সাধাৰণ নিৰাপত্তা পৰিস্থিতি আৰু কাৰ্যকৰী প্ৰস্তুতিৰ বিষয়ে ডিজিগৰাকীক অৱগত কৰে। তদুপৰি ভাৰত-বাংলাদেশ সীমান্তৰ প্ৰত্যাহ্বান আৰু প্ৰত্যাহ্বানৰ মোকাবিলাৰ বাবে লোৱা ব্যৱস্থাৰ বিষয়েও অৱগত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/13cb70eb-703a-424f-af2d-7b872e569783/48940a41_34c1_4090_8283_6fd64cc65e26.jpg)
ইয়াৰ পাছতেই ডিজিগৰাকীয়ে ফিল্ড কমাণ্ডাৰসকলৰ সৈতে বাৰ্তালাপ কৰি সীমান্ত সুৰক্ষিত কৰাৰ ক্ষেত্ৰত বিএছএফৰ জোৱানসকলে কৰা সমৰ্পণ আৰু ভাৰত-বাংলাদেশ সীমান্তত অপৰাধ নিয়ন্ত্ৰণৰ বাবে তেওঁলোকে কৰা প্ৰচেষ্টাক প্ৰশংসা কৰে। উল্লেখ্য যে, প্ৰথমদিনাৰ ভ্ৰমণকালত বিএছএফৰ ডিজিগৰাকীয়ে উম্পলিঙস্থিত বিএছএফ ফ্ৰণ্টিয়াৰৰ মুখ্য কাৰ্যালয়ৰ অফিচাৰ ইনষ্টিটিউটও উদ্বোধন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/ea307139-1bd1-4fff-916b-7db4142bbd45/5c8137a1_8d0f_42e6_934f_4b1786f21690.jpg)
Also Read: অসম আন্দোলনৰ নেতা-সমাজকৰ্মী যোগেশ শইকীয়াৰ দেহাৱসান