/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/e9ab35a6-322e-4ce0-9eda-26ab6e4b673d/web_copy.jpg)
ডিজিটেল সংবাদ, উত্তৰ গুৱাহাটীঃ ছবছৰীয়া অসম আন্দোলনৰ আপোচহীন সংগ্রামী নেতা তথা জাতীয়তাবাদী শিবিৰৰ অক্লান্ত সাহসী যোদ্ধা, উত্তৰ গুৱাহাটীৰ বিশিষ্ট সমাজকৰ্মী যোগেশ শইকীয়াৰ দেহাৱসান। মঙলবাৰে পুৱা প্ৰায় ৭.৪৫ বজাত হৃদৰোগত আক্রান্তহৈ উত্তৰ গুৱাহাটী এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যুক আঁকোৱালি লয় শইকীয়াই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/aa5eb44b-823d-4653-b4ee-8f63ae08aebe/13ba4d88_45de_42fd_a829_eb2c2175da92.jpg)
উল্লেখ্য যে, সোমবাৰৰ বিয়লি ভাগত অসুস্থ অনুভৱ কৰাত ততালিকে তেওঁক নাৰায়ণা চুপাৰ স্পেচিয়েলিটি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। স্বাস্থ্য কিছু উন্নত হোৱা বুলি চিকিৎসকে জানিবলৈ দিয়ে যদিও পুৱা পুনৰ গুৰুতৰভাৱে অসুস্থ হোৱাত চিকিৎসালয়তে মৃত্যুক আঁকোৱালি লয় শইকীয়াই। বহু অনুষ্ঠানৰ ৰূপকাৰ বিশিষ্ট সমাজকৰ্মীগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্র উত্তৰ গুৱাহাটীত শোকস্তব্ধ হৈ পৰে। মুহূৰ্তৰ ভিতৰতে গুণমুগ্ধই ভৰি পৰে চিকিৎসালয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/3c226c5c-520f-4390-a7c6-3ff604d6f0f1/e7d11ce3_21fb_4fb7_8063_82a851bbc697.jpg)
চিকিৎসালয়ত অসমৰ জনপ্ৰিয় শিল্পী মহেন্দ্র হাজৰিকাও উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷ শইকীয়াৰ মৃত্যুত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গভীৰ দুখ প্ৰকাশ কৰিছে। অসম আন্দোলনৰ সক্রিয় কৰ্মী, অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য, উত্তৰ গুৱাহাটীৰ বিশিষ্ট সমাজকৰ্মী যোগেশ শইকীয়াৰ আকস্মিক বিয়োগত অসম গণ পৰিষদ দলেও গভীৰ শোক প্ৰকাশ কৰিছে ।
শইকীয়াৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে উত্তৰ গুৱাহাটীৰ বাসগৃহত উপস্থিত হয় দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়া। তেওঁ দলৰ হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শইকীয়াৰ বিয়োগত জাতীয়তাবাদ তথা আঞ্চলিকতাবাদৰ এক বৃহৎ ক্ষতি বুলি উল্লেখ কৰে। লগতে অগপ নেতা মনোজ শইকীয়াই এজন সাহসী-সৎ, নিষ্ঠাবান সমাজ সেৱকক দলৰ লগতে উত্তৰ গুৱাহাটীবাসীয়ে হেৰুৱালে বুলি মন্তব্য কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে ।
অসম গণ পৰিষদৰ সভাপতি তথা অসম চৰকাৰৰ কৃষিমন্ত্রী অতুল বৰাই যোগেশ শইকীয়াৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। অসম গণ পৰিষদ জালুকবাৰী বিধান সভা সমিতি, অগপ ৰুদ্ৰেশ্বৰ আঞ্চলিক সমিতি, অগপ উত্তৰ গুৱাহাটী নগৰ সমিতিৰ শতাধিক বিষয়ববীয়া আৰু সদস্য উপস্থিত থাকি দলীয় পতাকাৰে সহযোদ্ধাগৰাকীক শেষ শ্ৰদ্ধা নিবেদন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/e1ad9e9d-aabf-4cfc-bfb7-37c91c9b355c/0cd622b3_201a_4c8a_b0b8_45ffc5514edf.jpg)
আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামীয়ে যোগেশ শইকীয়াৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰি শইকীয়াক এগৰাকী অতি সাহসী-নিৰ্ভিক পৰিকল্পনাকাৰী আছিল বুলি কয়। তেওঁ আউনীআটী সত্ৰৰ বিভিন্ন দায়িত্ব গ্রহণ কৰি হিত সাধন কৰিছিল। শইকীয়াই দুৰ্গত আৰু দুৰ্বলজনক সহায়ৰ হাত আগবঢ়াই দৃষ্টান্ত মূলক কাম কৰিছিল। সত্ৰৰ চৌহদত ১০০০ জোপা নেমেছে ৰোপণ কৰি এক নজিৰ সৃষ্টি কৰিছিল। শইকীয়াৰ কৰ্মময় জীৱনৰ বিষয়ে সুঁৱৰি তেওঁৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/2ccde4f9-0aae-4179-a2d5-e63930907a67/d9121593_fa7a_4fc4_9da8_b10c97e6217a.jpg)
মঙলবাৰে তেওঁৰ নশ্বৰদেহ চিকিৎসালয়ৰ পৰা নিজ ঘৰলৈ লৈ যোৱা হয় আৰু তাতে উপস্থিত থকা অগণন গুণমুগ্ধই শেষ শ্রদ্ধা নিবেদন কৰে। ঐতিহাসিক অসম আন্দোলনৰ অগ্ৰণী নেতা, প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু কুমাৰ ফুকনৰ একালৰ সতীৰ্থ, বিশিষ্ট সমাজকৰ্মী, সমাজ সংগঠক, শ্ৰীশ্ৰী আউনীআটী সত্ৰ উত্তৰ গুৱাহাটী শাখাৰ সংৰক্ষণ আৰু সুৰক্ষা সমিতিৰ সম্পাদক তথা আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ মুখ্য আহ্বায়ক লগতে সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰি উত্তৰ গুৱাহাটীক বিভিন্ন ক্ষেত্রত আগবঢ়াই নিয়া উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক, উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক সন্মিলনৰ সভাপতি, উত্তৰ গুৱাহাটী ৰংমহল উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন উপ সভাপতি, উত্তৰ গুৱাহাটী পাইকাৰী গ্ৰাহক সমবায় সমিতিৰ প্ৰাক্তন সভাপতি, ঐতিহ্য মণ্ডিত প্ৰাগজ্যোতিষপুৰ কলা পৰিষদৰ আজীৱন সদস্য, উত্তৰ গুৱাহাটী স্বেচ্ছাসেৱী সামাজিক অনুষ্ঠান "জিলিঙনি"ৰ প্ৰতিষ্ঠাকালৰ পৰা মৃত্যু পৰ্যন্ত কাৰ্যকৰী সভাপতি দায়িত্ব পালন কৰা প্ৰয়াত শইকীয়াই শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ কাষতে এলাগি হৈ পৰি থকা ভূমিত ১০০১ নেমু পুলি ৰোপণ কৰি তাৰ উৎপাদিত নেমু বিক্ৰী কৰি সত্ৰলৈ আৰ্থিক অৱদান আগবঢ়াবলৈ সক্ষম হৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/db655bab-fcb9-4afe-9804-7735bb693353/4e89c91b_7140_4c5a_a88b_baa2d537fd8d.jpg)
শইকীয়াৰ জন্ম গাঁও মধুপুৰত গোপাল থান নিৰ্মাণ আৰু ইয়াৰ প্ৰচাৰৰ ক্ষেত্ৰতো অৱদান আছিল অতুলনীয় । শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০পীতাম্বৰ দেৱ গোস্বামীৰ প্ৰিয় শিষ্য যোগেশ শইকীয়াৰ আকস্মিক মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰিছে। শইকীয়াৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি ড০ নৃপেন্দ্ৰ নাথ তালুকদাৰ উপস্থিত হৈ তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰে। শইকীয়াৰ মৃত্যুত অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তয়ো গভীৰ শোক প্রকাশ কৰে ৷ তদুপৰি অসম সাহিত্য সভা, শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ উত্তৰ গুৱাহাটী শাখাৰ সংৰক্ষক আৰু সুৰক্ষা সমিতি, শ্ৰীশ্ৰী আউনীআটী সত্ৰ, কামৰূপ জিলা সাহিত্য সভা, উত্তৰ গুৱাহাটী সাহিত্য সভা, কামৰূপ জিলা সাংবাদিক সন্থা, উত্তৰ গুৱাহাটী সাংবাদিক সন্থা, উত্তৰ গুৱাহাটী সাহিত্য চক্ৰ, উত্তৰ গুৱাহাটী পাইকাৰী গ্ৰাহক সমবায় সমিতি, মধুপুৰ গোপাল পূজা পৰিচালনা সমিতি, প্ৰাগজ্যোতিষপুৰ কলা পৰিষদ, দীৰ্ঘেশ্বৰী মন্দিৰ পৰিচালনা সমিতি, নৰ্থ গুৱাহাটী কলেজ এলুমিনি এচোছিয়েশ্যন, উত্তৰ গুৱাহাটী কবি সমাজ, উত্তৰ গুৱাহাটী প্ৰেছ গীল, উত্তৰ গুৱাহাটী ফেকাল্টি হাইস্কুল, উত্তৰ গুৱাহাটী মহাবিদ্যালয়, উত্তৰ গুৱাহাটী আউনীআটী কমলদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়, জিলঙনি, মধুপুৰ গোপাল থান পৰিচালনা সমিতি, উত্তৰ গুৱাহাটী দিহিংসত্ৰ জ্ঞান বিকাশ পুথিভঁৰাল, অসম বিজ্ঞান সমিতি উত্তৰ গুৱাহাটী শাখা, উত্তৰ গুৱাহাটী মহাবিদ্যালয় পৰিচালনা সমিতি, উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক সন্মিলন, শ্ৰী শ্ৰী আউনীআটী সত্ৰ নামযঞ্জ সমিতি, অভয়পুৰ ৰ'দালি সংঘ আৰু পুথিভঁৰাল, ৰজাদুৱাৰ ক্লাব আৰু লাইব্ৰেৰী, ৰাগশ্ৰী সংগীত মহাবিদ্যালয়, ৰংমহল মহিলা সমিতি অভয়পুৰ বৰ নামঘৰ পৰিচালনা সমিতি, ভাৰতীয় জনতা পাৰ্টী, বিজেপিৰ জালুকবাৰী কিষাণ মৰ্চা, ৰংমহল হৰি মন্দিৰ, বৃহত্তৰ উত্তৰ গুৱাহাটী সাংস্কৃতিক মঞ্চ, গোবিন্দ মন্দিৰ পৰিচালনা সমিতি, সতীৰ্থ উত্তৰ গুৱাহাটী, কোচ ৰাজবংশী সন্মিলন, উত্তৰ গুৱাহাটী আৰক্ষী থানাৰ লগতে বিভিন্ন দল সংগঠনৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধা নিবেদন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/a29467a6-f65e-4c23-8569-45fb3b3a42a9/fa69fd9d_5f8e_4499_9d10_580b3ff0cd89.jpg)
তাৰোপৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে উক্ত দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে। শইকীয়াৰ নশ্বৰদেহ উত্তৰ গুৱাহাটী মধুপুৰ থান, উত্তৰ গুৱাহাটী মহাবিদ্যালয়, প্ৰাগজ্যোতিষপুৰ কলা পৰিষদ আৰু উত্তৰ গুৱাহাটী স্থিত আউনীআটী সত্ৰৰ শাখা সত্ৰলৈ লৈ যোৱা হয় আৰু সকলোৱে শ্ৰদ্ধা নিবেদন কৰাৰ অন্তত শিলসাঁকো ৰাজহুৱা শ্মশানত সৎকাৰ কৰা হয়। ৬৫ বছৰীয়া শইকীয়াই মৃত্যুৰ সময়ত পত্নী আৰু দুজন পুত্ৰৰ লগতে ভালেসংখ্যক গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়। শইকীয়াৰ মৃত্যুত সমগ্ৰ উত্তৰ গুৱাহাটীত শোকৰ ছাঁ পৰে।
Also Read: মিৰ্জাত কবিতা পুথি "হৃদয়ৰ কাৰেং" উন্মোচন