মণিপুৰত উত্তেজিত জনতাৰ আক্ৰমণ বলি ৰাজ্যিক বিজেপিৰ সভাপতি শৰদা দেবীঃ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ঘৰত আক্ৰমণ...

মণিপুৰত উত্তেজিত জনতাৰ আক্ৰমণ বলি ৰাজ্যিক বিজেপিৰ সভাপতি শৰদা দেবীঃ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ঘৰত আক্ৰমণ...

author-image
Asomiya Pratidin
New Update
মণিপুৰত উত্তেজিত জনতাৰ আক্ৰমণ বলি ৰাজ্যিক বিজেপিৰ সভাপতি শৰদা দেবীঃ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ঘৰত আক্ৰমণ...

মণিপুৰত উত্তেজিত জনতাৰ আক্ৰমণ বলি ৰাজ্যিক বিজেপিৰ সভাপতি শৰদা দেবীঃ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ঘৰত আক্ৰমণ...

ডিজিটেল সংবাদ বেকাজানঃমণিপুৰত কালিৰে পৰা অব্যাহত থকা ছাত্ৰ প্ৰতিবাদে আজি নিশা ৯ বজাত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। প্ৰাপ্ত খবৰৰ মতে ইম্ফলৰ মইৰাংখোমত ইম্ফল ইষ্ট পুলিচৰ জিপ্সী বাহনত উত্তেজিত প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰে।

Advertisment

উত্তেজিত ৰাইজে প’ৰ’মপাট থানাৰ এছডিপিঅ’ তেজবীৰৰ গাড়ীখন জ্বলাই দিয়াৰ লগতে চালকৰ নাইন এম এম পিষ্টল ৰাইজে কাঢ়ি নিয়াৰ খবৰ পোৱা গৈছে। ইয়াৰ পূৰ্বে নিশা প্ৰায় ৮ বজাত বিজেপিৰ মণিপুৰ প্ৰদেশৰ সভাপতি অধিকাৰীম শৰদা দেৱীৰ বাসগৃহক লক্ষ্য কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

আৰক্ষীয়ে হস্তক্ষেপকৰাত প্ৰতিবাদী ৰাইজৰ সৈতে আৰক্ষীৰ সংঘাতৰ সৃষ্টি হয়। অৱশ্যে শৰদা দেৱীক নিৰাপদ স্থানলৈ লৈ যোৱা হয় যদিও সংঘৰ্ষৰ সময়ত ক্ষুব্ধ জনতাই আৰক্ষীৰ বাহনখনত জুই লগাই দিয়ে।

মৈৰাংখোমৰ স্থানীয় বাসিন্দাসকলে মেইটেই ছাত্ৰ দুগৰাকীক অপহৰণ আৰু হত্যাৰ বিৰুদ্ধে চলা আন্দোলনৰ সৈতে একতা প্ৰকাশ কৰি প্ৰতিবাদত যোগ দিয়ে। ইম্ফল পশ্চিম আৰু ইম্ফল পূব জিলাৰ বিভিন্ন অঞ্চলত প্ৰতিবাদকাৰীয়ে পথ অৱৰোধ কৰে।

ভিৰ আৰু ছত্ৰভংগ দিবলৈ আৰক্ষী আৰু ৰেপিড একচন ফৰ্চে কন্দুৱা গেছ আৰু মক বোমা নিক্ষেপ কৰে। ইম্ফল পশ্চিম জিলা উপায়ুক্তৰ কার্যালয়ত গভীৰ নিশা প্রতিবাদকাৰীয়ে আক্রমণ কৰি কার্যালয় চৌহদৰ ভিতৰত ৰখাই থোৱা দুখন বাহনত অগ্নিসংযোগ কৰে৷

বুধবাৰে সন্ধিয়া খোংজোমত থকা থৌবাল বিজেপিৰ কাৰ্যালয়তো জ্বলাই দিয়ে আন্দোলনকাৰীয়ে। বুধবাৰে সন্ধিয়া কেইশমপাট কেইশাম লেইকাই গুলীত আঘাতপ্ৰাপ্ত হয় শমুৰাইলাটপাম ব্ৰজামণি (৯৭) নামৰ এজন বৃদ্ধ।

ইফালে শেহতীয়া খবৰ অনুসৰি হেইনগাং সমষ্টিৰ লুৱাংছাংবামত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ বাসগৃহত আক্ৰমণৰ চেষ্টা ক্ষুব্ধ জনতাৰ। বৰ্তমান উত্তেজনাপূৰ্ণ পৰিস্থিতি সৃষ্টি হৈছে আৰু নিয়ন্ত্ৰণৰ বাবে সীমান্ত সুৰক্ষা বাহিনী আৰু ৰেপিড এক্সন ফৰ্চকে ধৰি মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীক মোতায়েন কৰা হৈছে।

Also Read: জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি মহাবিদ্যালয়ত বক্তৃতা প্ৰতিযোগিতা সম্পন্ন

মণিপুৰ